আজি আকৌ আহি আছে মোদী, অসমত কি কি কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে?

ডিজিটেল জেস্কঃ আজি পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰীগৰাকীয়ে কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। কেইবাটাও প্ৰকল্প উদ্বোধন কৰাৰ লগতে  শিলান্যাস কৰিব কেইবাটাও অভিলাষী প্ৰকল্পৰ। 
আজিৰ দিনটো অসমৰ আভ্যন্তৰীণ জলপথ, সামুদ্ৰিক আন্তঃগাঁথনি উন্নয়নৰ বাবে এটা বিশেষ গুৰুত্বপূৰ্ণ দিন। আজিৰ দিনটোতেই অসমত জলপথ, সামুদ্ৰিক আন্তঃগাঁথনিৰ বাবে বিনিয়োগ হ’ব ৫২৬ কোটি টকা। 
প্ৰধানমন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰিব পাণ্ডু বন্দৰ-ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী এলিভেটেড ৰোড। এই ৰোড বিশেষ আকৰ্ষণীয় ৰূপত নিৰ্মাণ কৰা হৈছে। আশা কৰা হৈছে এই পদক্ষেপৰ ফলত হ্ৰাস পাব গুৱাহাটী চহৰৰ যান-জঁট। প্ৰধানমন্ত্ৰী মোদীৰ লগতে উপস্থিত থাকিব ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
একেদৰে বিশ্বনাথঘাটৰ ক্ৰুজ টাৰ্মিনেলৰ আধাৰশিলাও স্থাপন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই প্ৰকল্পই নদী পৰ্যটন, হস্তশিল্প, ক্ষুদ্ৰ ব্যৱসায়লৈ নতুন সুযোগ আনিব বুলি আশা কৰা হৈছে। আজিয়েই প্ৰধানমন্ত্ৰী মোদীয়ে ডিব্ৰুগড়ৰ বগীবিলৰ আঞ্চলিক উত্কৰ্ষতা কেন্দ্ৰৰো আধাৰশিলা স্থাপন কৰিব।
উত্তৰ-পূবত প্ৰথমবাৰৰ বাবে স্থাপন হ’ব সামুদ্ৰিক দক্ষতা বিকাশ কেন্দ্ৰ আৰু এই কেন্দ্ৰত প্ৰতিবছৰে ৫ সহস্ৰাধিক শিক্ষাৰ্থীয়ে নামভৰ্তি কৰিব পাৰিব। আজিয়েই নিমাতীৰ ক্ৰুজ টাৰ্মিনেলৰো আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে। 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *