ডিজিটেল ডেস্কঃ ৰাজ্যৰ এটা বিধানসভা সমষ্টি সদায়ে চৰ্চাত থাকে। কাৰণ সেই সমষ্টিৰ প্ৰাৰ্থী কোন সেয়া কোৱাৰ প্ৰয়োজন নাই। সদায়ে একেগৰাকী নেতাই দীৰ্ঘদিনৰে পৰা সেই সমষ্টিত নিৰ্বাচন খেলি আহিছে আৰু জয়ী হৈ বিধায়ক হৈ আহিছে।
অৱশ্যে এইবাৰ অংক অলপ সলনি হৈছে। এইবাৰ ১ৰ সৈতে ১ যোগ কৰি ২ বুলি কোৱাৰ সলনি ৪ৰ পৰা ২ গৈ ২ থকা বুলিহে সমষ্টিটোৰ প্ৰাৰ্থীগৰাকীৰ প্ৰসংগত কব বিচাৰিছে দলীয় নেতৃত্বই।
সেই সমষ্টিটো হৈছে বঙাইগাঁও আৰু সমষ্টিটোৰ এইবাৰৰ প্ৰাৰ্থীগৰাকী হৈছে ফণীভূষণ চৌধুৰীৰ সহধৰ্মিণী। হয়, উপ নিৰ্বাচনৰ দৰেই বঙাইগাঁৱত অগপৰ প্ৰাৰ্থী হ’ব ফণীভূষণ চৌধুৰীৰ সহধৰ্মিণী দীপ্তিময়ী চৌধুৰী।
ফণীভূষণ চৌধুৰী সাংসদ হোৱাৰ লগে লগে খালী হোৱা বিধায়কৰ আসনত জয়ী কৰাই আনিছিল পত্নীক। এইবাৰো আসনখন আনৰ বাবে এৰি দিয়াৰ সলনি নিজৰ ঘৰতে ৰাখিবলৈ চেষ্টা নেতাগৰাকীৰ।
দীপ্তিময়ী চৌধুৰীৰ প্ৰাৰ্থিত্বত আজি লাগিল চূড়ান্ত মোহৰ। বঙাইগাঁও জিলা সভাপতিৰ নেতৃত্বত গঠিত কমিটীয়ে চূড়ান্ত মোহৰ মাৰিলে দীপ্তিময়ী চৌধুৰীৰ প্ৰাৰ্থিত্বত। জিলা সভাপতিৰ নেতৃত্বত গঠন ১৫ জনীয়া কমিটীয়ে নেত্ৰীগৰাকীক টিকট দিব বুলি নিশ্চিত কৰিলে।
