ডিজিটেল ডেস্কঃ আমেৰিকা ইৰানৰ যুদ্ধৰ পৰিৱেশে সমগ্ৰ বিশ্বতে পেলাইছে প্ৰভাৱ। এইবাৰ পোহৰলৈ অহা খবৰ অনুসৰি হৰমুজ প্ৰণালীত আৱদ্ধ হৈ আছে ভাৰতৰ ২৪খন জাহাজ। আন্তঃৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত খবৰ অনুসৰি এই জাহাজকেইখনত আছে ৬৭৭ গৰাকী নাবিক।
মাৰ্কিন জাহাজসমূহক ইৰানে এফালৰ পৰা আক্ৰমণৰ লক্ষ্য কৰি লোৱা বুলি জানিব পৰা গৈছে। বিশেষকৈ খাড়ী এলেকাত তীব্ৰতৰ হৈছে আমেৰিকা আৰু ইৰানৰ আক্ৰমণ-প্ৰত্যাক্ৰমণ।
মাৰ্কিন তৈল পৰিৱাহী এখন জাহাজত শেহতীয়াকৈ ইৰানে আক্ৰমণ চলাইছিল আৰু ছফছি বিষ্ণু নামৰ জাহাজখনত ইৰানে চলোৱা আক্ৰমণত নিহত হৈছিল এগৰাকী ভাৰতীয় ক্ৰু মেম্বাৰ। জাহাজখনত বিস্ফোৰকেৰে ভৰা এখন আত্মঘাতী নাৱেৰে ইৰানে আক্ৰমণ কৰা বুলি পোহৰলৈ আহিছিল।
কেৱল এয়াই নহয়, পূৰ্বে আমেৰিকাৰ লগতে ওমানৰো দুখনকৈ ব্যৱসায়িক জাহাজত আক্ৰমণ কৰিছিল ইৰানে। ১, ২ মাৰ্চত চলা এই আক্ৰমণত মৃত্যু হৈছিল ৩ গৰাকী ভাৰতীয়ৰ। ঘটনাত আঘাতপ্ৰাপ্ত হৈছিল আন ২০ গৰাকী ভাৰতীয় লোক। গতিকে এনেদৰেই আমেৰিকা আৰু ইৰানৰ যুদ্ধই ভাৰতকো ক্ষতি কৰিছে।
