ডিজিটেল ডেস্কঃ সুখকৰ নহ’ল নেকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণ? কোকৰাঝাৰৰ পাছত প্ৰতিকূল বতৰে বিধি পথালি দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শিলচৰৰ জনসভাত। নিশাৰে পৰা আহিছে বতাহ-বৰষুণ, যাৰ বাবে বতৰে ক্ষতি কৰিছে জনসভাৰ মণ্ডপ।
পুৱা ১১ বজাত শিলচৰত উপস্থিত হ’বলগীয়া আছিল প্ৰধানমন্ত্ৰীগৰাকী। কিন্তু বতৰৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীৰ অনুষ্ঠান বাতিল হোৱাৰ সম্ভাৱনাই দেখা দিছে। শিলচৰৰ অম্বিকাপুৰত প্ৰধানমন্ত্ৰীয়ে এখন জনসভা সম্বোধন কৰি বৰাক উপত্যকালৈ ২৩,৫০০ কোটি টকাৰ প্ৰকল্প উপহাৰ দিব।
পুৱাৰে পৰা অহা বৰষুণে মোদীৰ সভাত জটিলতা আনিছে। বোকাপানী গচকি প্ৰধানমন্ত্ৰীগৰাকীৰ জনসভালৈ সোঁত বৈছে ৰাইজৰ। আজি প্ৰধানমন্ত্ৰীগৰাকীয়ে শ্বিলং-শিলচৰ হাইস্পিড কৰিড’ৰৰ ভূমিপূজন কৰিব। ২২,৮৬৪ কোটি টকাৰে নিৰ্মাণ হ’ব এই কৰিড’ৰ।
শিলচৰৰ পৰা মেঘালয়ৰ উমিয়ামলৈ এই হাইস্পিড কৰিড’ৰ নিৰ্মাণৰ শুভাৰম্ভ কৰাৰ লগতে শিলচৰৰ উৰণ সেতুৰ ভূমিপূজন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। কেৱল এয়াই নহয়, পাথাৰকান্দি কৃষি মহাবিদ্যালয়ৰো ভূমিপূজন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে।
