প্ৰকৃতিয়ে জুবিন গাৰ্গক দিলে এক বিৰল সন্মান

ডিজিটেল ডেস্কঃ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অবৰ্তমানত প্ৰতিগৰাকী লোকেই প্ৰতিক্ষণতে তেওঁলৈ শ্ৰদ্ধা জনোৱা পৰিলক্ষিত হৈছে। এইবাৰ প্ৰকৃতিয়েও যেন মৰমেৰে উপচাই পেলাইছে ইশ্বৰ পুত্ৰ জুবিন গাৰ্গক। ৰাজ্যৰ অৰন্যত মৰমৰ শিল্পীগৰাকীৰ নামত নতুন অৰ্কিড আৱিস্কাৰ কৰা হৈছে। 
মানস ৰাষ্ট্ৰীয় উদ্যানত আৱিষ্কৃত হৈছে এই অৰ্কিড। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামেৰে এই অৰ্কিডৰ নামকৰণ কৰা হৈছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষকৰ দলে আৱিষ্কাৰ কৰা এই অৰ্কিডৰ নাম দিয়া হৈছে ‘অছবেকিয়া জুবিনগাৰ্গিয়ানা।’
অছবেকিয়া গোত্ৰৰ এই প্ৰজাতিটো মানস ৰাষ্ট্ৰীয় উদ্যানৰ তৃণভূমি অঞ্চলত আছে বুলি জানিব পৰা গৈছে। জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু ভগ্নী পামী বৰঠাকুৰৰ হাতত এই অৰ্কিডৰ স্বীকৃতি প্ৰদান কৰিলে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। 
আজি তেওঁলোকৰ গৃহত উপস্থিত হৈ গৰিমা শইকীয়া গাৰ্গক গছজোপাৰ ফটোৰ লগতে জীৱন্ত গছ প্ৰদান কৰা হয়। উল্লেখযোগ্য গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ অধ্যাপিকা নমিতা নাথ আৰু গৱেষক বৰ্ণালী দাসে কেৰালাৰ এন এছ এছ কলেজৰ ড° প্ৰবোশ পুলপ্ৰাৰ সহযোগত এই উদ্ভিদৰ প্ৰজাতি আৱিষ্কাৰ কৰে।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *