ডিজিটেল ডেস্কঃ ২৪ হাজাৰ কোটিত ২৪ৰ পাছফালে কেইটা শূন্য থাকে বাৰু? আপুনি জানেনে উত্তৰ? কংগ্ৰেছে নাজানে এই প্ৰশ্নৰ উত্তৰ। এই কথা আমি কোৱা নাই খোদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছৰ বিৰুদ্ধে উত্থাপন কৰিছে এই অভিযোগ।
শিলচৰত কংগ্ৰেছৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰীগৰাকীয়ে উদাত্ত ভাষণ প্ৰদান কৰি উত্তৰ-পূবক মানসিক আৰু ভৌগোলিকভাৱে কংগ্ৰেছে পৃথক কৰিছিল বুলি অভিযোগ উত্থাপন কৰে। লগতে কংগ্ৰেছৰ অতীতৰ কামৰ বাবে প্ৰতিখন ৰাজ্যই কংগ্ৰেছক শিক্ষা দিছে বুলিও মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।
কেৱল এয়াই নহয়, নিৰ্বাচনত কংগ্ৰেছে শেহতীয়াকৈ পৰাজয় বৰণ কৰা বাবে কংগ্ৰেছে অচিৰেই পৰাজয়েৰে অভিলেখ গঢ়িব বুলি মন্তব্য কৰে মোদীয়ে। বিজেপিক প্ৰশংসা কৰি মোদীয়ে লগতে বিজেপিয়ে ভাতৃত্ববোধেৰে বৰাকক উজলাইছে বুলি কয়।
কংগ্ৰেছে উত্তৰ পূবক পাহৰি পেলাইছিল বুলিও অভিযোগ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। নৰেন্দ্ৰ মোদীয়ে কয়, ‘বৰাক উপত্যকাই সমগ্ৰ উত্তৰ-পূবকে সংযোজিত কৰিছে। উত্তৰ-পূবক পাহৰি পেলাইছিল কংগ্ৰেছে। বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰেহে উন্নয়ন আনিছে উত্তৰ-পূবৰ।’
স্বাধীনতাৰ সময়ৰে পৰা কংগ্ৰেছে বৰাকৰ সৈতে সীমাৰ দেৱাল সৃষ্টি কৰা বুলিও অভিযোগ কৰে। আৰু কংগ্ৰেছে সৃষ্টি কৰা সেই সীমাই বৰাক উপত্যকাক আঁতৰাই ৰাখিছিল বুলি কয়। উল্লেখ্য যে, আজি ২৪ হাজাৰ কোটি টকাৰ বিভিন্ন প্ৰকল্প বৰাকক উপহাৰ দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অনুষ্ঠানত অংশ লৈ এফালৰ পৰা কংগ্ৰেছক কটাক্ষ কৰিলে নেতাগৰাকীয়ে।
