অসমক ৰক্তাক্ত কৰিব বিচাৰিছিল নেকি মুস্তাফিজুৰে? ১৮খন নিষিদ্ধ গ্ৰন্থত কি আছিল?

ডিজিটেল ডেস্কঃ অসমত পুনৰবাৰ সক্ৰিয় হৈছে জেহাদী। বিধানসভা নিৰ্বাচনৰ বাবে যিমানেই নিৰ্বাচন আয়োগ সাজু হৈছে সিমানেই জেহাদীৰ কাৰ্যকলাপ লাহে লাহে পোহৰলৈ আহিছে। এইবাৰ বৰপেটাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে মুস্তাফিজুৰ ৰহমান নামৰ এটা জেহাদীক। 
ইতিপূৰ্বে গ্ৰেপ্তাৰ হোৱা দুই জেহাদীৰ স্বীকাৰোক্তিৰ ভিত্তিত অভিযান চলাই STFয়ে গ্ৰেপ্তাৰ কৰিছে মুস্তাফিজুৰক। অসমত নিৰ্বাচনৰ পূৰ্বে কূটাঘাতৰ পৰিকল্পনা কৰাৰ সময়তে এনেদৰে অভিযান চলাই গ্ৰেপ্তাৰ কৰা হৈছে জেহাদীটোক। 
বৰ্তমানলৈকে গ্ৰেপ্তাৰ হোৱা জেহাদীকেইটাই পাকিস্তান, বাংলাদেশৰ মৌলবাদী সংগঠনৰে সঘন যোগাযোগ ৰাখি আহিছিল। কেৱল এয়াই নহয়, বাংলাদেশ, পাকিস্তানৰ ছীম কাৰ্ডো ব্যৱহাৰ কৰিছিল জেহাদীকেইটাই। STFয়ে জেহাদী কেইটাৰ পৰা ভাৰতত নিষিদ্ধ ধৰ্মীয় গ্ৰন্থ উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে। 
১৮খন নিষিদ্ধ ধৰ্মগ্ৰন্থ মোবাইল ফোনত PDF আকাৰে ৰাখিছিল জেহাদীকেইটাই। সদস্যভৰ্তিক লৈ ভাৰতৰ লগতে অসমতো কেইবাখনো বৈঠকত বহিছিল গ্ৰেপ্তাৰ হোৱা জেহাদীকেইটাই। কেনেকৈ অসমৰ যুৱকক সদস্যভৰ্তি কৰিব পাৰি তাৰ বাবে আয়োজন কৰিছিল বৈঠকৰ।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *