বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে ইৰাণৰ সামৰিক কৌশলে। ১৪ দিনে আমেৰিকা-ইজৰাইলে মিলি ধ্বংস কৰিব পৰা নাই ইৰান। তাৰ আঁৰৰ কাহিণী কি?
বিগত ২৮ ফেব্ৰুৱাৰী ৰ পৰা ইজৰাইল আৰু ইৰানৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰিছে। অভিযানৰ আনুষ্ঠানিক নাম 'অপাৰেছন এপিক ফুৰি'। ড্ৰোন, ক্ষেপণাস্ত্ৰৰে ইৰানৰ সৰ্বোচ্চ পদাধিকাৰীক হত্যা কৰা হ'ল। তথাপি মূৰ নট কৰা নাই ইৰানে।
ইৰাণৰ সৰ্বোচ্চ ধৰ্মীয় নেতা আয়াতোল্লা আলি খামেনেই আৰু দেশেৰ বিভিন্ন উচ্চ পদস্থ কৰ্তাসকলৰ মৃত্যুৰ পাছতো ভাঙি পৰা নাই ইৰাণী শাসন। আয়াতুল্লা আলি খামেনেইৰ উপৰি IRGCৰ সৰ্বাধিক নেতা মেজৰ জেনেৰেল মহম্মদ পাকপুৰ, ৰক্ষা মন্ত্ৰী ব্ৰিগেডিয়াৰ জেনেৰেল আজিজ নাছিৰজাদেহ, সশস্ত্ৰ বাহিনীৰ প্ৰধান লেফটেনেণ্ট জেনেৰেল ছইদ আব্দুৰ ৰহিম মুছাভী-সহ কেইবাজনাৰ মৃত্যু হৈছে এই কেইদিনমানত।
বৰ্তমানৰ উত্তেজনাপূৰ্ণ সময়ত বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে ইৰাণৰ সামৰিক কৌশল ‘মোজাইক ডিফেন্স’ বা ‘মোজাইক প্ৰতিৰক্ষা ব্যৱস্থা’ই। ১৪ দিনতো আমেৰিকা-ইজৰাইলে মিলি ধ্বংস কৰিব পৰা ইৰানক। ইৰানৰ সফলতাৰ আঁৰত আছে মহম্মদ জাফাৰী। যি ইৰাণৰ 'এলিট ফৰ্ছ' 'ইছলামিক ৰেভল্যুশনাৰী গাৰ্ড কৰ' (আই আৰ জি চি)-ৰ পূৰ্বৰ কমাণ্ডাৰ-ইন-চিফ।
যোৱা ২৮ ফেব্ৰুৱাৰী পৰা ইজৰাইল আৰু ইৰাকৰ বিৰুদ্ধে যুদ্ধ অব্যাহত আছে।
‘ইনষ্টিটিউট ফৰ দ্যা ষ্টাডি অৱ ৱৰ’-ৰ প্ৰতিবেদন অনুসাৰি, আমেৰিকা-ইজৰায়েলৰ যৌথ আক্ৰমণৰ উদ্দেশ্য আছিল ইৰাণৰ সশস্ত্ৰ সেনাৰ মনোবলত ভাঙি পেলোৱা আৰু ইৰানৰ সকলো সামৰিক ঘাঁটি ধ্বংস কৰা। কিন্তু আমেৰিকা বা ইজৰায়লে এতিয়ালৈকে আকাংশিত লক্ষ্যত উপনীত হোৱা নাই। আৰু সেইটো সম্ভৱ হৈছে জাফাৰীৰ বাবে! তেওঁ ইৰাণত আত্মবিশ্বাস বৃদ্ধি পায়। নেতৃত্বৰ মৃত্যুৰ পাছতো ইৰাণে যুদ্ধ চলাব যে পাৰে তাকে প্ৰমাণ কৰি দেখুৱালে । পূৰ্ব-পৰিকল্পনা অনুসৰিয়েই দেশৰ বিভিন্ন বাহিনী আৰু মন্ত্ৰ্যালয়ত নিজৰ কাম অব্যাহত ৰাখিবলৈ সক্ষম হৈছে। যাৰ প্ৰতিফলন দেখিছে সমগ্ৰ বিশ্বই । তেহৰাণে যুটীয়া আক্ৰমণ বন্ধ কৰা নাছিল। বৰঞ্চ তেওঁলোকে পশ্চিম এছিয়াৰ বিভিন্ন অংশত নিৰন্তৰ আক্ৰমণ কৰি 'প্ৰতিশোধ' লৈছে। বিশেষকৈ, ইৰানী বাহিনীয়ে আমেৰিকাৰ ঘাটি ধ্বংস কৰাৰ লক্ষ্যৰে সংযুক্ত আৰৱ আমিৰাত, কাটাৰ, বাহৰেইন, কুৱেইট আৰু ইৰাকত প্ৰতি-আক্ৰমণ চলাই আছে।
কিছু দিনৰ আগতে ইৰাণৰ বৈদেশিক মন্ত্ৰী ছইদ আব্বাস আৰাঘাচি জনাইছিল, কেনেকৈ আমেৰিকাৰ আক্ৰমণৰ প্ৰতিৰোধ কৰিব পৰা যায় সেইটো যোৱা দুই বছৰৰ পৰা অধ্যয়ন কৰা হৈছে। আৰাঘাচি কৈছিল, ‘‘তেহৰানত বোমা আক্ৰমণ কৰিলে আমাৰ যুদ্ধ পৰিচালনা কৰাৰ ক্ষমতাৰ ওপৰত কোনো প্ৰভাৱ নপৰে। 'কেন্দ্ৰবিহীন মজাইক প্ৰতিৰক্ষা'ৰ পৰা আমি শিকিছো কেতিয়া আৰু কেনেকৈ যুদ্ধ পৰিচালনা কৰিব পাৰি।’’
বৰ্তমানৰ উত্তেজনাপূৰ্ণ সময়ত বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে ইৰাণৰ সামৰিক কৌশল ‘মোজাইক ডিফেন্স’ বা ‘মোজাইক প্ৰতিৰক্ষা ব্যৱস্থা’ই।আমেৰিকা আৰু ইজৰাইলে ইৰাণৰ শীৰ্ষ নেতৃত্বক লক্ষ্য কৰি আক্ৰমণ কৰাৰ পিছতো ইৰাণৰ সামৰিক বাহিনীয়ে কিদৰে আক্ৰমণ অব্যাহত ৰাখিব পাৰিছে, তাৰ আঁৰৰ মূল ব্যক্তিজন হ’ল মেজৰ জেনেৰেল মহম্মদ আলি জাফৰী। তেওঁ ইছলামিক ৰিভলুশ্যনাৰী গাৰ্ড কৰ্পছ (আইআৰজিচি)ৰ প্ৰাক্তন কামাণ্ডাৰ-ইন-চীফ আছিল। ২০০৩ চনত আমেৰিকাই ইৰাক আক্ৰমণ কৰাৰ পিছত ছাদ্দাম হুছেইনৰ চৰকাৰ কিদৰে অতি কম সময়ৰ ভিতৰত পতন ঘটিছিল, সেয়া জাফৰীয়ে অতি গভীৰভাৱে অধ্যয়ন কৰিছিল।ইৰাকৰ সেই ভুলৰ পৰা শিক্ষা লৈ তেওঁ ইৰাণৰ মৰিক প্ৰতিৰক্ষা ব্যৱস্থাক এনেদৰে গঢ় দিছিল যাতে ইৰাণৰ ওপৰত হোৱা যিকোনো ডাঙৰ আক্ৰমণ বা নেতৃত্বৰ পতনৰ পিছতো দেশৰ প্ৰতিৰক্ষা ব্যৱস্থা স্তব্ধ নহয়।
মহম্মদ আলি জাফৰীয়ে উদ্ভাৱন কৰা এই ‘মোজাইক প্ৰতিৰক্ষা’ ব্যৱস্থাৰ মূল কথা হ’ল বিকেন্দ্ৰীকৰণ।তেওঁ ইৰাণৰ সমগ্ৰ সামৰিক বাহিনীক ৩১টা স্বতন্ত্ৰ প্ৰদেশত ভাগ কৰিছিল। ইয়াৰ অৰ্থ হ’ল প্ৰতিখন প্ৰদেশৰ নিজা সামৰিক কমাণ্ড, অস্ত্ৰ-শস্ত্ৰ, মিছাইল আৰু ড্ৰোনৰ ভাণ্ডাৰ থাকিব। যদি কোনো কাৰণত ইৰাণৰ কেন্দ্ৰীয় নেতৃত্ব বা কমাণ্ড চেণ্টাৰ ধ্বংস হয়, তেতিয়াও এই সৰু সৰু গোটবোৰে আগতীয়াকৈ নিৰ্ধাৰিত পৰিকল্পনা অনুসৰি নিজাববীয়াকৈ যুদ্ধ চলাই যাব পাৰিব। ইয়াৰ বাবে কোনো কেন্দ্ৰীয় নিৰ্দেশনাৰ প্ৰয়োজন নহয়। এই ব্যৱস্থাই ইৰাণক একপ্ৰকাৰৰ অজেয় কৰি তুলিছে বুলি ধাৰণা কৰা হৈছে, কাৰণ শত্ৰুপক্ষই কেন্দ্ৰক ধ্বংস কৰিলেও ইৰাণৰ প্ৰতিৰক্ষা ব্যৱস্থাৰ মূল গাঁথনিটো অটুট থাকে।
জাফৰীয়ে নিজে ইৰাণ-ইৰাক যুদ্ধত অংশগ্ৰহণ কৰিছিল, যি আছিল এক দীঘলীয়া যুদ্ধ। তেওঁৰ অভিজ্ঞতাৰ পৰাই এই ধাৰণাটো আহিছিল যে আধুনিক যুদ্ধত কেৱল অস্ত্ৰ-শস্ত্ৰৰ প্ৰয়োগেই যথেষ্ট নহয়, বৰঞ্চ ই এক সহনশীলতাৰ পৰীক্ষাও। এই কৌশলৰ জৰিয়তে ইৰাণে প্ৰমাণ কৰিছে যে তেওঁলোকৰ সামৰিক গোটবোৰ কোনো একক শক্তিৰ ওপৰত নিৰ্ভৰশীল নহয়।আজিৰ তাৰিখত যেতিয়া ইৰাণৰ শীৰ্ষ নেতৃত্বৰ বহুতো গুৰুত্বপূৰ্ণ ব্যক্তি আক্ৰমণৰ বলি হৈছে, তেতিয়াও এই বিকেন্দ্ৰীকৃত ব্যৱস্থাৰ বাবেই ইৰাণৰ বাহিনীয়ে শত্ৰুৰ বিৰুদ্ধে প্ৰত্যাক্ৰমণ অব্যাহত ৰাখিব পাৰিছে। সেয়েহে, মহম্মদ আলি জাফৰীক আধুনিক ইৰাণৰ এনে এক শক্তিশালী প্ৰতিৰক্ষা ভেটি নিৰ্মাণ কৰা ব্যক্তি হিচাপে গণ্য কৰা হয়, যিয়ে পৰাজয়ক প্ৰতিৰোধ কৰাৰ সামৰ্থ্য ৰাখে।
