ডিজিটেল ডেস্কঃ কংগ্ৰেছে প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ লগে লগে দলটোত পদত্যাগৰ জোৱাৰ উঠিছে। ইজনৰ পাছত সিজন নেতাই দল এৰা পৰিলক্ষিত হৈছে। পৰিৱেশ এনে পৰ্যায় পাইছেগৈ যে মানুহৰ মনত বিভিন্ন প্ৰশ্ন হোৱা দেখিবলৈ পোৱা গৈছে।
প্ৰাৰ্থী তালিকা ঘোষণা হোৱাৰ মাত্ৰ কেইটামান মুহূৰ্তৰ পাছতে দল ত্যাগ কৰিলে জ্যেষ্ঠ নেতা কুশল কুমাৰ শৰ্মাই। নিউ গুৱাহাটী সমষ্টিত টিকটৰ পৰা বঞ্চিত হোৱাৰ পাছতে দলৰ এৰিলে জ্যেষ্ঠ নেতাগৰাকীয়ে। সমষ্টিটোত কংগ্ৰেছৰ টিকট প্ৰদান কৰা হল শান্তনু বৰাক।
টিকট নাপাই দল এৰিলে প্ৰাক্তন বিধায়ক প্ৰাণেশ্বৰ বসুমতাৰীয়ে। বসুমতাৰী আছিল কংগ্ৰেছৰ এগৰাকী শক্তিশালী বড়ো জনগোষ্ঠীৰ প্ৰতিনিধি। ঢেকিয়াজুলীত বাটাছ ওৰাঙক প্ৰাৰ্থীত্ব দিয়াৰ পাছতেই এই সিদ্ধান্ত গ্ৰহণ কৰিলে প্ৰাণেশ্বৰ বসুমতাৰীয়ে।
ইফালে মৰিগাঁও জিলা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰমেশ বৰদলৈয়েও দলত্যাগ কৰিছে। AICC ৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙলৈ পত্ৰ প্ৰেৰণ কৰিছে তিৱা স্বায়ত্ত শাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে।
একেদৰে দল এৰিছে APCC সম্পাদক মুকুল হুছেইনে। মন্দিয়া সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল মুকুল হুছেইন। এনেদৰেই এতিয়া কংগ্ৰেছত এতিয়া ধুমুহা দেখিবলৈ পোৱা গৈছে।
