ডিজিটেল ডেস্কঃ নিৰ্বাচন আহিলেই বহু নেতাৰ বাবে আহে সুযোগ। নিৰ্বাচন জিকি মন্ত্ৰী, বিধায়ক হোৱাৰ বাবে সুযোগ লাভ কৰে নেতাসকলে। কিন্তু ইয়াৰ মাজতে বহু নেতাৰ বাবে বিপদো নহা নহয়।
এইবাৰ বিপদত পৰিছে টিকট লাভৰ আশাত কংগ্ৰেছত যোগ দিয়া নেতা জয়ন্ত খাউণ্ড। নেতা-কৰ্মীসকলৰ প্ৰাৰ্থিত্বকেন্দ্ৰিক অসন্তুষ্টি বাৰুকৈয়ে পৰিস্ফূত হৈছে কংগ্ৰেছত। শেহতীয়াকৈ লখিমপুৰ কংগ্ৰেছত নেতা-কৰ্মীৰ ক্ষোভৰ উদগীৰণ দেখিবলৈ পোৱা গৈছে।
ন কংগ্ৰেছী জয়ন্ত খাউণ্ডে নৱগঠিত সমষ্টি ৰঙানদীৰ পৰা টিকট লাভ কৰিব বুলি সম্ভাৱনাৰ খবৰ পোহৰলৈ অহাৰ পাছতে কংগ্ৰেছ কাৰ্যালয়ত বেনাৰ-পোষ্টাৰ লগাই প্ৰতিবাদ কৰিলে তৃণমূল কৰ্মীয়ে। লখিমপুৰ জিলা কংগ্ৰেছ কাৰ্যালয়ত জয়ন্ত খাউণ্ডৰ প্ৰাৰ্থিত্বৰ বিৰোধিতাৰে পোষ্টাৰিং একাংশৰ।
অৱশ্যে কংগ্ৰেছৰ নেতা-কৰ্মীয়ে পোষ্টাৰ লগোৱা বুলি খবৰ প্ৰচাৰিত হ’লেও বৰ্তমানলৈকে কোনে এনে কাম কৰিছে সেয়া সম্পূৰ্ণৰূপে স্পষ্ট হোৱা নাই। ইফালে কালি কংগ্ৰেছে দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিলে যদিও বিতৰ্ক অব্যাহত থকা ৰঙানদীৰ প্ৰাৰ্থীৰ নাম ৰাজহুৱা কৰা নাই।
মাত্ৰ কেইটামান দিনৰ পূৰ্বে অসম গণ পৰিষদৰ বিত্ত সম্পাদক জয়ন্ত খাউণ্ডে কংগ্ৰেছত যোগ দিছিল। নৱগঠিত ৰঙানদী বিজেপিক অগপই এৰি দিব বুলি নিশ্চিত হোৱাৰ পাছতে ক্ষোভতে দল ত্যাগ কৰিছিল নেতাগৰাকীয়ে। তাৰ পাছতে ৯ মাৰ্চত দিল্লীত কংগ্ৰেছত যোগদান কৰিছিল জয়ন্ত খাউণ্ডে।
