ডিজিটেল ডেস্কঃ আজিয়েই চূড়ান্ত হ’ব বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ তালিকা। দিল্লীত অনুষ্ঠিত হ’বলগীয়া বিজেপিৰ সংসদীয় ব’ৰ্ডৰ বৈঠকতে প্ৰাৰ্থী তালিকাৰ প্ৰসংগত গ্ৰহণ কৰা হ’ব গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
আজিৰ বৈঠকতে চূড়ান্ত হ’ব দলটোৰ প্ৰাৰ্থী তালিকা। আজি চূড়ান্ত হোৱা প্ৰাৰ্থীৰ তালিকা কাইলৈ সদৰী কৰিব দলটোৱে।
একেলগে অসমৰ ১২৬ টা সমষ্টিৰ প্ৰাৰ্থী ঘোষণা কৰিবলৈ প্ৰস্তুত হৈছে বিজেপি। ইতিমধ্যে সংসদীয় ব’ৰ্ডৰ বৈঠকত অংশ ল’বলৈ দিল্লীত উপস্থিত হৈছেগৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
ইফালে বিজেপিৰ এই বৈঠকৰ বাবে অপেক্ষাৰে ৰৈ আছে অসম গণ পৰিষদ। কিয়নো এই বৈঠকতে মিত্ৰ দলৰ আসনো চূড়ান্ত হ’ব। বিজেপিৰ পৰা কোন সমষ্টিত কোনে নিৰ্বাচন খেলিব নিশ্চিত কৰাৰ পাছতে অসম গণ পৰিষদৰো প্ৰাৰ্থী তালিকা নিশ্চিত হ'ব।
