একাউণ্টত নূন্যতম বেলেঞ্চ নাথাকিলে বেংক কৰ্তৃপক্ষই জৰিমনা বিহে গ্ৰাহকক।
বিগত ৩ বছৰত একাউণ্টত নূন্যতম বেলেঞ্চ নথকাৰ অজুহাতত বেংক কৰ্তৃপক্ষই গ্ৰাহকৰ পৰা জৰিমনা হিচাপে সংগ্ৰহ কৰিলে ১৯ হাজাৰ কোটি টকা!
একাউণ্টত নূন্যতম বেলেঞ্চ মজুত নাথাকিলে পেনাল্টিৰ নামত গ্ৰাহকৰ পৰা এই ধন কৰ্তন কৰিছিল বেংক কৰ্তৃপক্ষই।বেংক কৰ্তৃপক্ষই পেনাল্টিৰ নামত দৰিদ্ৰ গ্ৰাহকৰ একাউণ্টৰ পৰা সংগ্ৰহ কৰিছে ১৯ হাজাৰ কোটি টকা!ৰাজ্য সভাৰ মজিয়াত বেংক একাউণ্টৰ নূন্যতম বেলেঞ্চৰ পেনাল্টিৰ প্ৰসংগত সৰৱ হ'ল আপৰ সাংসদ ৰাঘৱ চাড্ডা বিগত তিনি বছৰত ৰাজহুৱা খণ্ডৰ বেংকে একাউণ্টত নূন্যতম বেলেঞ্চ নথকাৰ বাবে গ্ৰাহৰ পৰা পেনাল্টি হিচাপে সংগ্ৰহ কৰিলে ৮ হাজাৰ কোটি টকা!
বিপৰীতে গ্ৰাহকৰ বেংক একাউণ্টত নূন্যতম বেলেঞ্চ নথকাৰ বাবে প্ৰাইভেট বেংকে সংগ্ৰহ কৰিলে ১১ হাজাৰ কোটি টকা! অৰ্থাৎ ৰাজহুৱা খণ্ডৰ বেংক আৰু প্ৰাইভেট বেংকে মিলি জৰিমনাৰ নামত গ্ৰাহকৰ পৰা সংগ্ৰহ কৰিছে ১৯ হাজাৰ কোটি টকা। ৰাঘৱ চাড্ডাৰ দাবী,গ্ৰাহকে নগৰাঞ্চলৰ বেংক একাউণ্টত নূন্যতম বেলেঞ্চ ৫ হাজাৰ পৰা ১০ হাজাৰ টকা ৰাখিব লাগে।
বিপৰীতে, গ্ৰামাঞ্চলৰ গ্ৰাহকে বেংক একাউণ্টত নূন্যতম বেলেঞ্চ ১,০০০ ৰ পৰা ৩ হাজাৰ টকা ৰাখিব লাগে! যদি বেংকৰ নিৰ্দেশনা অনুসৰি একাউণ্টত নূন্যতম বেলেঞ্চ জমা নাৰাখে তেন্তে ৫০ টকাৰ পৰা ৬০০ টকা পৰ্যন্ত জৰিমনা বিহে গ্ৰাহকক! একাউণ্টত নূন্যতম বেলেঞ্চ নথকাৰ বাবে বেংক কৰ্তৃপক্ষই পেনাল্টি লগাই লগাই শেষ কৰি পেলাই গ্ৰাহকৰ কষ্টোপাৰ্জিত ধন!একাউন্টত জমা ধনতকৈও পেনাল্টিৰ নামত গ্ৰাহকৰ পৰা বেংক কৰ্তৃপক্ষই অধিক ধন সংগ্ৰহৰ অভিযোগ ৰাঘৱ চাড্ডাৰ।বেংক কৰ্তৃপক্ষৰ এনে সিদ্ধান্তৰ বাবে বহু গ্ৰাহক আৰ্থিকভাবে হতাশগ্ৰস্থ হৈ পৰে বুলিও দাবী কৰে আপৰ সাংসদ গৰাকীয়ে।
একাউণ্টৰ নূন্যতম বেলেঞ্চৰ নামত বেংক কৰ্তৃপক্ষই গ্ৰহণ কৰা জৰিমনা ব্যৱস্থা বাতিল কৰিব লাগে বুলি দাবী কৰে সাংসদগৰাকীয়ে।
