নতুন সমীকৰণ সাজু কৰিছে অখিলে, এইবাৰ লুৰীণজ্যোতি গগৈক দিব পাৰে চমক

ডিজিটেল ডেস্কঃ ৰাজ্যৰ ৰাজনীতিত আন এক নতুন সমীকৰণ সাজু কৰিছে আঞ্চলিক ৰাজনৈতিক দল ৰাইজৰ দলে। দলটোৰ তৰফৰ পৰা বঢ়মপুৰত প্ৰক্ষেপ কৰিব পাৰে এগৰাকী প্ৰাৰ্থী। অসম জাতীয় পৰিষদৰ পৰা নিৰ্বাচন খেলিবলৈ টিকট লাভ কৰিব বুলি ভাবিছিল যদিও টিকট নোপোৱা এগৰাকী নেতাই ৰাইজৰ দলৰ পৰা নিৰ্বাচন খেলিবলৈ সাজু হৈছে।
নেতাগৰাকী আন কোনো নহয়, সেইগৰাকী নেতা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ পুত্ৰ শ্যামন্ত কাশ্যপ। উল্লেখ্য যে, নেতাগৰাকীয়ে লুৰীণজ্যোতি গগৈৰ দল অসম জাতীয় পৰিষদৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছিল যদিও জাতীয় পৰিষদে তেওঁক টিকট প্ৰদান নকৰিলে। 
অসম জাতীয় পৰিষদে আজি টিকট প্ৰদান কৰিলে প্ৰাক্তন সাংসদ ৰাজেন গোঁহাইক। যাৰ বাবে শ্যামন্ত কাশ্যপে অখিল গগৈৰ সৈতে আলোচনাত বহিছে বুলি গম পোৱা গৈছে।
এনে পৰিস্থিতিত উপায়হীন হৈ শ্যামন্ত কাশ্যপে আজি কাজিৰঙাত অখিল গগৈৰ সৈতে কিছু আলোচনাত অংশগ্ৰহণ কৰা বুলি জানিব পৰা গৈছে। অৱশ্যে অসম জাতীয় পৰিষদৰ বিৰুদ্ধে বঢ়মপুৰত ৰাইজৰ দলে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব নে নকৰে সেই কথা বৰ্তমানো নিশ্চিত হোৱা নাই।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *