ডিজিটেল ডেস্কঃ মানকাচৰৰ বিধায়ক আমিনুল ইছলামক নিলম্বন কৰিলে এআইইউডিএফে। নেতাগৰাকীৰ বিৰুদ্ধে দল বিৰোধী কাৰ্যত জড়িত থকাৰ অভিযোগ উত্থাপন হোৱাৰ পাছতে নিলম্বন কৰা হয়।
উল্লেখ্য যে, মাত্ৰ কেইটামান দিনৰ আগলৈকে বিধায়কগৰাকীক দলৰ হকে কাম কৰি অহা পৰিলক্ষিত হৈছিল আৰু তেওঁ এআইইউডিএফক প্ৰতিনিধিত্ব কৰি অন্যান্য দলক সমালোচনা কৰিছিল। কিন্তু আজি সেইগৰাকী নেতাকে নিলম্বন কৰিলে বদৰুদ্দিন আজমলৰ দল এআইইউডিএফে।
৬ বছৰৰ বাবে দলৰ পৰা আমিনুল ইছলামক বহিস্কাৰ কৰা হৈছে। লগে লগে ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কিয়নো আজমলৰ আটাইতকৈ বিশ্বাসী নেতাসকলৰ ভিতৰত এইগৰাকী নেতা আছিল অন্যতম।
এনেদৰেই লাহে লাহে বদৰুদ্দিন আজমল অকলশৰীয়া হ'ব নেকি বুলিও বিভিন্নজনে প্ৰশ্ন কৰিছে। কিয়নো বদৰুদ্দিন আজমলৰ দল এআইইউডিএফৰ পৰা বৰ্তমানলৈকে বহুকেইজন বিধায়কক নিলম্বন কৰা হৈছে আৰু তাৰেই অধিকাংশই অন্য দলত যোগ দিছে। AIUDFৰ উপ-সভাপতিৰ দায়িত্বত আছিল আমিনুল ইছলাম।
