নিশা অমিত শ্বাহক সাক্ষাৎ কৰিব প্ৰদ্যুৎ বৰদলৈয়ে, যোগ দিব বিজেপিত

ডিজিটেল ডেস্কঃ অৱশেষত অমিত শ্বাহক লগ কৰিবলৈ সাজু হৈছে কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈ। গৌৰৱ গগৈৰ বিৰুদ্ধে ইটোৰ পাছত সিটো অভিযোগ উত্থাপন কৰি ক্ষোভিত হৈ পৰা প্ৰদ্যুৎ বৰদলৈয়ে নিশা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিব বুলি জানিব পৰা গৈছে। 
অমিত শ্বাহক সাক্ষাৎ কৰাৰ লগে লগে কংগ্ৰেছ ত্যাগ কৰিব পাৰে নেতাগৰাকীয়ে। ইফালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ দৰেই দিছপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াব পাৰে বৰদলৈয়ে। 
অৱশ্যে কেতিয়াকৈ কংগ্ৰেছ ত্যাগ কৰিব অথবা কেতিয়াকৈ বিজেপিত যোগ দিব সেই কথা বৰ্তমানেও স্পষ্ট হোৱা নাই। আজি অমিত শ্বাহক সাক্ষাৎ কৰাৰ অন্তত কংগ্ৰেছ ত্যাগ কৰি কাইলৈ প্ৰদ্যুৎ বৰদলৈয়ে যোগ দিব পাৰে বিজেপিত। 
ইফালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া দিল্লীতে থকা বাবে প্ৰদ্যুৎ বৰদলৈয়ে দিল্লীতে বিজেপিত যোগ দিয়াৰ সম্ভাৱনা।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *