পুৱা ১১ বজাৰ পূৰ্বে প্ৰকাশ পাব বিজেপিৰ প্ৰাৰ্থীৰ তালিকা, কেইবাজনো বিধায়কে নাপাব বিজেপিৰ টিকট

ডিজিটেল ডেস্কঃ সাজু হ’ল বিজেপিৰ প্ৰাৰ্থী তালিকা। পুৱা ১১ বজাৰ পূৰ্বে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাৰ বাবে সাজু হৈছে বিজেপিৰ নেতৃত্ব। পুৱা ১০ বজাৰ পাছত আৰু ১১ বজাৰ আগতে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিব দলটোৱে।
৯ এপ্ৰিলত এটা পৰ্যায়ত অসমত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন আৰু ৪ মে’ত ঘোষণা হ’ব ফলাফল। সেই অনুসৰি প্ৰথমে বিজেপিৰ শীৰ্ষ পৰ্যায়ৰ নেতাসকলে মনোনয়ন দাখিল কৰিব আৰু তেওঁলোক নিজ নিজ সমষ্টিৰ পৰা আজৰি হৈ নতুনকৈ বিধায়ক হোৱাৰ বাবে আগবঢ়া নেতাসকলৰ মনোনয়ন দাখিলৰ সময়ত সংগ দিব। 
ইতিমধ্যে নিৰ্বাচনী অধিসূচনা জাৰি হোৱা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন ২৩ মাৰ্চ। একেদৰে মনোনয়নৰ নিৰীক্ষণৰ তাৰিখ ২৪ মাৰ্চ, মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ২৬ মাৰ্চ। যাতে তৃতীয়বাৰৰ বাবে চৰকাৰে গঠন কৰিব পাৰে সেই লক্ষ্যৰে বিজেপিয়ে সকলো প্ৰকাৰে নিজকে সাজু কৰিছে। 
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দিল্লীত বহি প্ৰাৰ্থীৰ তালিকা চূড়ান্ত কৰে আৰু সেই তালিকাকে সংসদীয় ব’ৰ্ডৰ বৈঠকত নিশ্চিত কৰা হয়।
নিজে জয়ী হোৱাৰ আশা নথকা সমষ্টিত বহুকেইজন বিজেপি নেতাক অগপত যোগ দিয়াই বিজেপিৰ ফালৰ পৰা টিকট দিয়াৰ বাবে ব্যৱস্থা কৰিছে। এই কাৰ্যৰ দ্বাৰা অগপৰ প্ৰাৰ্থীৰ সংখ্যা বৃদ্ধি হোৱাৰ লগতে বিজেপিয়ে যাতে আসনখন কংগ্ৰেছ বা বিৰোধীৰ হাতলৈ নাযায় সেই কথাত নজৰ দিছে। 
কংগ্ৰেছ, ৰাইজৰ দলে ইতিমধ্যে আংশিক প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে যদিও বিজেপিয়ে এতিয়ালৈ ঘোষণা কৰা নাই প্ৰাৰ্থী তালিকা। ইতিমধ্যে বিজেপিয়ে প্ৰাৰ্থী তালিকা সাজু কৰিছে যদিও বহুকেইজন বিধায়ক আৰু দুই এজন মন্ত্ৰীৰ নাম তালিকাৰ পৰা কৰ্তন কৰা হৈছে। 
ইতিমধ্যে বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ মাজত তীব্ৰ উৎকণ্ঠা দেখিবলৈ পোৱা যায়। বিজেপিৰ কেইবাগৰাকী প্ৰাক্তন সভাপতিৰো টিকট কৰ্তন হোৱাৰ সম্ভাৱনা দেখা গৈছে। অৱশ্যে যোৱা নিশাই ৰঙিয়াৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি ভৱেশ কলিতাৰ সৈতে বিশেষ আলোচনাত অংশ লৈছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *