ডিজিটেল ডেস্কঃ প্ৰতি মুহূৰ্ততে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক ধুমুহাই কোবাই আছে। কেতিয়াবা যদি কোনোবাই দল ত্যাগ কৰিছে আন কেতিয়াবা তেওঁৰে দলৰ একাংশ নেতাই টিকট নোপোৱাৰ বাবে বিসম্বাদ কৰিছে। ঠায়ে ঠায়ে কংগ্ৰেছৰ কাৰ্যালয়ত দলৰে একাংশ নেতাই চলাইছে আক্ৰমণ। সকলোকে সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিও বাৰে বাৰে বিফল হৈছে গৌৰৱ গগৈ।
ভূপেন বৰাই দল ত্যাগ কৰাৰ পাছৰে পৰা প্ৰাৰ্থী তালিকা ঘোষণা তথা আন আন সময়ত বহু নেতাই কংগ্ৰেছ ত্যাগ কৰিছে। এইবাৰ টিকট নোপোৱাৰ কথা নিশ্চিত হোৱাৰ পাছতে কেইবাগৰাকীও নেতাই এৰিছে দল।
কংগ্ৰেছত অব্যাহত থকা দল ত্যাগৰ জোৱাৰে বাৰুকৈয়ে চিন্তিত কৰিছে গৌৰৱ গগৈক। কংগ্ৰেছ ত্যাগ কৰা নেতাৰ সংখ্যাই চিন্তা বঢ়াইছে গৌৰৱ গগৈৰ। কাক কাষত লৈ গৌৰৱ গগৈয়ে নিৰ্বাচনী প্ৰচাৰ চলাব তাক লৈ বিভিন্ন প্ৰশ্নৰ সৃষ্টি হৈছে।
প্ৰদ্যুৎ বৰদলৈৰ লগতে কংগ্ৰেছ ত্যাগ কৰিলে নৱ তালুকদাৰে। দল এৰিলে হোজাই জিলা কংগ্ৰেছৰ সংখ্যালঘু কোষৰ অধ্যক্ষ চাহাবুদ্দিন মজুমদাৰে। বিন্নাকান্দি সমষ্টিৰ পৰা কংগ্ৰেছৰ টিকটৰ দাবীদাৰ আছিল চাহাবুদ্দিন।
অসম জাতীয় পৰিষদক সমষ্টিটো এৰি দিয়াৰ বাবে নেতাগৰাকীয়ে কংগ্ৰেছ ত্যাগ কৰিছে। ক্ষোভত ফাটি পৰি এনেদৰেই নেতাগৰাকীয়ে দল এৰা দেখিবলৈ পোৱা গৈছে।
কংগ্ৰেছ ত্যাগ কৰিছে নলবাৰী জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক আশিস কুমাৰ আহমেদে। কেৱল এয়াই নহয়, প্ৰাক্তন বিধায়ক মনোৰঞ্জন দাসেও কংগ্ৰেছ ত্যাগ কৰি নিজৰ ক্ষোভ প্ৰকাশ কৰিছে।
কোকৰাঝাৰ জিলা কংগ্ৰেছৰ সাংগঠনিক সম্পাদক বাহাৰুল ইছলামৰো দল ত্যাগ। ডাঙৰ কথাটো হৈছে শেহতীয়া প্ৰায় ৩০ৰ পৰা ৪০ ঘন্টাতে এনেকৈ বহু নেতাই দল ত্যাগ কৰিছে। এনে পৰিস্থিতিত কিদৰে নিৰ্বাচনৰ বাবে সাজু হ’ব সেই প্ৰশ্ন কৰি ভাগৰিছে গৌৰৱ গগৈ।
