মাজনিশা চূড়ান্ত হ’ল বিৰোধীৰ মিত্ৰতা! একেলগ হ’ল ৩ গগৈ

ডিজিটেল ডেস্কঃ মাজনিশাৰ এটা ফোনকলে নিশ্চিত কৰিলে কংগ্ৰেছ-ৰাইজৰ দলৰ মিত্ৰতা। অৱশেষত বিৰোধীৰ ৰাজনীতিয়ে পালে নতুন গতি। দুভাগ নিশা আলোচনাত মিলিত হৈ মিত্ৰতা নিশ্চিত কৰিলে কংগ্ৰেছ আৰু ৰাইজৰ দলে।
গৌৰৱ গগৈৰে নিশা অখিল গগৈক ফোন কৰি বহুকেইটা বিষয় আলোচনা কৰে আৰু লগে লগে তেওঁলোকৰ মিত্ৰতা নিশ্চিত হয়। ইফালে একেদৰে গৌৰৱ গগৈক সাক্ষাৎ কৰি ৰাইজৰ দলৰ এটা দলে সকলো বিষয় আলোচনা কৰে। 
এই মিত্ৰতাৰ অন্তত মন্দিয়া সমষ্টিত বন্ধুত্বমূলক প্ৰতিদ্বন্দিতা কৰাৰ বাবে সাজু হৈছে দুয়োটা দল। মন্দিয়াত শ্বেৰমান আলী আৰু আব্দুল খালেকে প্ৰতিদ্বন্দিতা কৰিব। 
একেদৰে ধিং আৰু দলগাঁও সমষ্টি ৰাইজৰ দলক এৰি দিলে কংগ্ৰেছে। ইফালে মিত্ৰতাৰ সকলো কথা পুৱাই ডিব্ৰুগড়ত আনুষ্ঠানিকভাৱে ঘোষণা কৰিব বুলি জানিব পৰা গৈছে। উত্তৰ অসমৰ এখন আসনৰ ক্ষেত্ৰতো দুয়োটা দলে বন্ধুত্বমূলকভাৱে প্ৰতিদ্বন্দিতা আগবঢ়াব বুলি জানিব পৰা গৈছে।
ইফালে ইয়াৰ পাছতে ৩ গগৈয়ে একেলগ হৈ বিধানসভা নিৰ্বাচন খেলাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। এই অনুসৰি অখিল গগৈৰ বাবে শিৱসাগৰত আৰু লুৰীণজ্যোতি গগৈৰ বাবে খোৱাঙত কোনো প্ৰতিবন্ধকতাৰ সৃষ্টি নকৰে পৰস্পৰে। একেদৰে গৌৰৱ গগৈৰ বিৰুদ্ধে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে নিদিয়ে প্ৰাৰ্থী।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *