সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ পৰা মন্ত্ৰীলৈকে, কোনে কোনে নাপালে বিজেপিৰ টিকট

ডিজিটেল ডেস্কঃ বিজেপিয়ে আজি ঘোষণা কৰিলে প্ৰাৰ্থীৰ তালিকা। এই তালিকা সদৰী কৰাৰ লগে লগে বহু নেতাৰ আশাত পৰিল চেঁচাপানী। কেইবাগৰাকী বিধায়কে লাভ নকৰিলে বিজেপিৰ টিকট। একেদৰে এগৰাকী মন্ত্ৰীয়েও হেৰুৱালে প্ৰাৰ্থিত্ব।
টিকট নাপালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক বিজেপিলৈ আদৰি অনা সিদ্ধাৰ্থ ভট্টাচাৰ্যই। একেদৰে টিকট নাপালে বিধায়ক অতুল বৰা, অমিয় কুমাৰ ভূঞা, হেমাংগ ঠাকুৰীয়া, ৰামকৃষ্ণ ঘোষে।
নিৰ্বাচন খেলিবলৈ সাজু হৈয়ো বিমুখ হ’ল অজয় কুমাৰ ৰায়, প্ৰমোদ বৰঠাকুৰ। পাখি কটা গ’ল মিহিৰ কান্তি সোম, দ্বীপায়ন চক্ৰৱৰ্তীৰ। বিজেপিৰ টিকট লাভ নকৰিলে বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনে। 
মন্ত্ৰী নন্দিতা গাৰ্লোচাৰো আশাত চেঁচাপানী পৰিল। টিকট কটা গ’ল বিদ্যা সিং ইংলেং, নিহাৰ ৰঞ্জন দাসৰ। এতিয়া ইয়াকে কেন্দ্ৰ কৰি চৌদিশে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *