৮৮ জনীয়া তালিকাত বিজেপিয়ে নিদিলে এজনো মুছলমানক টিকট

ডিজিটেল ডেস্কঃ বিজেপিয়ে ঘোষণা কৰিলে প্ৰাৰ্থী তালিকা। ৮৮ টা সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা দলটোৱে ঘোষণা কৰিলে। প্ৰদ্যুৎ বৰদলৈ, ভূপেন বৰাৰ পৰা জ্যেষ্ঠ নেতা মৃদুল দত্তলৈকে বহুলোকে লাভ কৰিলে টিকট।
তালিকাখনত নাহিল কোনো মুছলমান নেতাৰ নাম। ধৰ্মীয় সংখ্যালঘু নেতাক টিকট প্ৰদান নকৰা বিজেপিয়ে অৱশ্যে অগপৰ পৰা কেইবাগৰাকী নেতাৰ বাবে টিকট লাভ কৰাৰ পথ মুকলি কৰি দিলে।
হিন্দুক লৈ ৰাজনীতি কৰা বিজেপিৰ প্ৰাৰ্থীৰ তালিকাত কোনো মুছলমান নেতাৰ নাম নোসোমাল। অৱশ্যে অসম গণ পৰিষদক বিজেপিৰ তৰফৰ পৰা আগবঢ়োৱা ২৬ খন আসনত কেইবাগৰাকী ধৰ্মীয় সংখ্যালঘু নেতাই আগবঢ়াব প্ৰাৰ্থিত্ব। 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *