অখিল গগৈৰ লগ লাগিও নাপালে সন্মান, শ্বেৰমান আলী আহমেদে নাপালে ৰাইজৰ দলৰ টিকট

ডিজিটেল ডেস্কঃ দিন বেয়া চলিছে শ্বেৰমান আলী আহমেদৰ। ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজত মিত্ৰতা নিশ্চিত হোৱাৰ পাছতে কংগ্ৰেছে ৰাইজৰ দলক প্ৰদান কৰা সমষ্টিৰ তালিকাত নাই মন্দিয়াৰ নাম। একেদৰে বন্ধুত্বমূলক প্ৰতিদ্বন্দিতাৰ বাবেও ৰাইজৰ দলক মন্দিয়া সমষ্টি প্ৰদান নকৰিলে কংগ্ৰেছে।
মাত্ৰ কেইটামান দিন পূৰ্বে বৰপেটাত এক বিশাল গণ সমাৱেশত ৰাইজৰ দলত আনুষ্ঠানিকভাৱে যোগদান কৰিছিল কংগ্ৰেছৰ পৰা দীৰ্ঘদিনে নিলম্বিত হৈ থকা বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদে। ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ উপস্থিতিত দলটোত যোগদান কৰি বিতৰ্কিত বিধায়কগৰাকীয়ে মন্দিয়াৰ পৰা নিৰ্বাচন খেলিমেই আৰু মোক অখিল গগৈয়ে টিকট দিব বুলি মন্তব্য কৰিছিল।
অখিল গগৈক প্ৰশংসা কৰি গৌৰৱ গগৈকো সমালোচনা কৰিছিল শ্বেৰমান আলী আহমেদে। কংগ্ৰেছক সমালোচনা কৰি অখিল গগৈৰ নেতৃত্বত জুবিন গাৰ্গ আৰু শংকৰ-আজানৰ অসম গঢ়িম বুলি নেতাগৰাকীয়ে মন্তব্য কৰিছিল। 
শ্বেৰমান আলী আহমেদে যোগদান কৰা অনুষ্ঠানতে বিধায়ক গগৈয়ে নৱগঠিত ২২ নং মন্দিয়া সমষ্টিত ৰাইজৰ দলৰ পৰা শ্বেৰমানে নিৰ্বাচন খেলিব বুলি মন্তব্য কৰিছিল। মন্দিয়াত ইতিমধ্যে কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে আব্দুল খালেকক প্ৰক্ষেপ কৰা হৈছে। 
অখিল গগৈয়ে আজি গৌৰৱ গগৈৰ সৈতে আলোচনাৰ কালত কংগ্ৰেছৰ লগত মন্দিয়াত বন্ধুত্বসুলভ প্ৰতিদ্বন্দিতা কৰা বাবে অনুমতি বিচাৰিছিল কিন্তু কংগ্ৰেছে অখিল গগৈৰ দাবী মানি নল’লে। ইফালে যি ১১ টা সমষ্টি কংগ্ৰেছে ৰাইজৰ দলক প্ৰদান কৰিছে সেই সমষ্টিৰ তালিকাত স্থান নিদিয়ে মন্দিয়াক আৰু বন্ধুত্বমূলক প্ৰতিদ্বন্দিতাৰ বাবে বাচি উলিওৱা ২ টা সমষ্টিৰ মাজতো স্থান নিদিলে মন্দিয়াক। গতিকে এতিয়া শ্বেৰমান আলী আহমেদে পৰৱৰ্তী সিদ্ধান্ত কি লয় সেয়া লক্ষণীয় হ’ব।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *