গৌৰৱ গগৈৰ অংকত ওলাল উত্তৰ, তিতাবৰত প্ৰাণ কুৰ্মীয়ে কংগ্ৰেছক দিব প্ৰাণ

ডিজিটেল ডেস্কঃ ৰাজনীতিত দিন সদায় ভালে নাযায়। কেতিয়া কাৰ কিমান বেয়া সময় আহে সেয়া কোনেও নাজানে। তিতাবৰৰ বিধায়ক ভাস্কৰ বৰুৱায়ো একোকে অনুমান কৰা নাছিল। কিন্তু তেনেকৈয়ে ঘটি গ’ল অঘটন আৰু বঞ্চিত হ’ল দলীয় টিকটৰ পৰা। 
একালৰ তৰুণ গগৈৰ সমষ্টি তিতাবৰত কংগ্ৰেছে টিকট প্ৰদান নকৰিলে ভাস্কৰ বৰুৱাক। ভাস্কৰ বৰুৱাক লৈ বিগত সময়ত বহু দিশ চৰ্চা হোৱা পৰিলক্ষিত হৈছিল। 
বিশেষকৈ মুখ্যমন্ত্ৰীৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক ৰক্ষা কৰি চলাৰ অভিযোগ আছিল নেতাগৰাকীৰ বিৰুদ্ধে। বিভিন্ন মাধ্যমত মুখ্যমন্ত্ৰীয়েও নেতাগৰাকীৰ সৈতে তেওঁৰ ঘনিষ্ঠতাৰ কথা কৈছিল। 
মুখ্যমন্ত্ৰীৰ সৈতে বিভিন্ন সভাত দেখা গৈছিল নেতাগৰাকীক। আৰু এনে চৰ্চাৰ মাজতে এইবাৰ গৌৰৱ গগৈয়ে বিমুখ কৰিলে নেতাগৰাকীক। 
ভাস্কৰ বৰুৱাৰ স্থানত তিতাবৰত প্ৰাৰ্থিত্ব প্ৰদান কৰা হ’ল এসময়ৰ তৰুণ গগৈৰ ঘনিষ্ঠ প্ৰাণ কুৰ্মীক। একেদৰে কংগ্ৰেছৰ চতুৰ্থখন প্ৰাৰ্থী তালিকাত জালুকবাৰীত বিদিশা নেওগক, টংলাত ৰোহিত পাৰিগা, বিশ্বনাথত জয়ন্ত বৰা নাওবৈচাত জয়প্ৰকাশ দাস, মাহমৰাত জ্ঞানদ্বীপ মহন, হাইলাকান্দিত ৰাহুল ৰয়ক প্ৰাৰ্থিত্ব প্ৰদান কৰা হয়।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *