ডিজিটেল ডেস্কঃ ৰাজনীতি সঁচাকৈয়ে বুজিবলৈ সহজ নহয়। যদিহে এই ৰাজনীতি বিজেপিয়ে কৰে তেন্তে সেয়া আৰু অলপ পৃথক হয়। বিজেপিয়ে শেহতীয়াকৈ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰা লগে লগে কেইবাগৰাকী নেতাই চৰম অসন্তুষ্টি প্ৰকাশ কৰিলে।
অসন্তুষ্টসকলৰ ভিতৰত অন্যতম আছিল দিছপুৰৰ বিধায়ক অতুল বৰা। সেয়েহে আজি অতুল বৰাৰ ভেম ভাঙিবলৈ ততাতৈয়াকৈ আহিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।
অতুল বৰাৰ ক্ষোভ উপশমৰ চেষ্টা চলালে মুখ্যমন্ত্ৰীগৰাকীয়ে। অতুল বৰাৰ টিকট দিছপুৰ সমষ্টিৰ পৰা নিশ্চিত আছিল বুলিও সাংবাদিকৰ আগত ক’লে হিমন্ত বিশ্ব শৰ্মাই। লগতে বিশেষ ৰাজনৈতিক পৰিস্থিতিত সেয়া সম্ভৱ নহ’ল বুলিও ক’লে মুখ্যমন্ত্ৰীগৰাকীয়ে।
অৱশ্যে সেই বিশেষ ৰাজনৈতিক পৰিস্থিতি কি আছিল বুজিবলৈ কাকোৱে নালাগিল অধিক সময়। প্ৰদ্যুৎ বৰদলৈৰ বাবেই যে অতুল বৰাক বলিৰ পঠা সজোৱা হ’ল সেই কথা পুনৰবাৰ নিশ্চিত হ’ল।
‘অতুল বৰা আমাতকৈ জ্যেষ্ঠ, তেওঁ দুষাৰ কথা ক’লে আমি শুনিব লাগিব’ বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে ক’লে। অতুল বৰাই বিজেপি ত্যাগ নকৰে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত মন্তব্য কৰি ‘তেওঁ নিৰ্বাচনী প্ৰচাৰ অভিযানতো অংশ ল’ব’ বুলি কয়।
অৱশ্যে অতুল বৰাক লোভ দিবলৈও নাপাহৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। বিজেপি চৰকাৰ পুনৰ আহিলে আৰু ভগৱানে চৰকাৰখন কৰিলে অতুলদা আগতকৈ অধিক সক্ৰিয় হ’ব বুলি কয় ড০ শৰ্মাই।
অৱশ্যে বৰ্তমানেও মন সলনি কৰা নাই অতুল বৰাই। নিজৰ পৰৱৰ্তী সিদ্ধান্ত ২২ মাৰ্চত সদৰী কৰিম বুলি কৈ নেতাগৰাকীয়ে মুখ্যমন্ত্ৰী ঘৰলৈ অহা বাবা ভাল পাইছোঁ বুলি মন্তব্য কৰে।
