ডিজিটেল ডেস্কঃ আকৰ্ষণীয় হৈছে দিছপুৰ বিধানসভা সমষ্টিৰ নিৰ্বাচনী পৰিৱেশ। সকলোবোৰ ওলট-পালট কৰি ৯ মে’ত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনত কোন জয়ী হয় সেয়া চাবলগীয়া হ’ব। পুৰণি বিজেপি কৰ্মীক গুৰুত্বহীন কৰি যোগদানৰ পাছদিনাই বিজেপিয়ে টিকট প্ৰদান কৰিলে পদত্যাগী কংগ্ৰেছ নেতা প্ৰদ্যুৎ বৰদলৈক।
ইতিমধ্যে কংগ্ৰেছে মীৰা বৰঠাকুৰক সমষ্টিটোৰ দলীয় প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে। গতিকে এনে পৰিস্থিতিত মূলতঃ যুঁজ ২ নেতাৰ মাজত হ’ব বুলি আশা কৰা হৈছিল যদিও আন এগৰাকী নেতাই ক্ষোভিত হৈ গ্ৰহণ কৰা সিদ্ধান্তই স্বাভাৱিকতে সমগ্ৰ পৰিৱেশটো ধূসৰ কৰি তুলিছে।
বিজেপিৰ জ্যেষ্ঠ নেতা জয়ন্ত কুমাৰ দাসে ইতিমধ্যে দলত্যাগ কৰিছে। নিৰ্দলীয়ভাৱে নিৰ্বাচন খেলিবলৈ সাজু হৈছে দাস। যাৰ বাবে সমষ্টিটোত পূৰ্বৰ ২গৰাকী মূল প্ৰাৰ্থীৰ বিপৰীতে ৩ গৰাকী প্ৰাৰ্থীৰ মাজত যুঁজ চলাৰ সম্ভাৱনা দেখা গৈছে।
ইফালে সু-সংগঠিত দল বুলি সততে কোৱা বিজেপিত টিকট লাভ কৰাসকলৰ প্ৰায় ৩০ শতাংশ নেতাই কংগ্ৰেছৰ পৰা অহা নেতা হোৱা বাবে স্বাভাৱিকতে পুৰণি কৰ্মীসকলক ক্ষোভিত হৈছে। একেদৰে সমষ্টিটোত পদত্যাগী বিজেপি নেতা জয়ন্ত দাসৰ লগতে আন দল তথা সচেতন একাংশ নেতাই নিৰ্দলীয়ভাৱে নিৰ্বাচন খেলাৰ বাবে মন মেলিছে।
এনে পৰিস্থিতিত দিছপুৰত কোন জয়ী হয় সেয়া লক্ষণীয় হ’ব। যদিও বিজেপিৰ এক শক্তিশালী ভেটি আছে তথাপিও প্ৰদ্যুৎ বৰদলৈয়ে মাত্ৰ কেইদিনমান পূৰ্বলৈকে কংগ্ৰেছত থাকি বিজেপিকে গালি পাৰি আছিল। গতিকে, ক্ষোভিত বিজেপিৰ লোকসকলে কাক ভোট দিয়া সেয়া চাবলগীয়া হ’ব।
যদিহে নিৰ্দলীয় প্ৰাৰ্থী জয়ন্ত দাসে বিজেপিৰ ভোট কৰ্তন কৰে তেন্তে সমষ্টিটোত কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰে অধিক ভোট লাভ কৰাৰ সম্ভাৱনা আছে। এনে পৰিস্থিতিত স্বাভাৱিকতে পূৰ্বৰ বিধায়ক তথা বৰ্তমান টিকট লাভ নকৰা নেতা অতুল বৰাৰ খঙো আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দু হৈ পৰিছে। অসন্তুষ্ট নেতাগৰাকীক লগ কৰি মুখ্যমন্ত্ৰীয়ে বুজনি দিয়াৰ পাছতে কমিছে খং।
