ডিজিটেল ডেস্কঃ হাৰি হাৰিও ভাগৰি পৰিব বিচৰা নাই বিধায়ক শ্বেৰমান আলী আহমেদ। কংগ্ৰেছে নিলম্বন কৰিলে, সন্মান নাপালে অখিল গগৈৰ ওচৰত। গতিকে অসহায় শ্বেৰমানে নিজৰ ব্যৱস্থা নিজেই কৰিবলৈ আগবাঢ়িছে। মন্দিয়া সমষ্টিত নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিব নেতাগৰাকীয়ে।
ৰাইজৰ দলৰ বৰপেটা জিলা সমিতিৰ উদ্যোগত আজি অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত এই সিদ্ধান্ত গ্ৰহণ কৰিলে নেতাগৰাকীয়ে। সোমবাৰে মনোনয়ন দাখিল কৰিম বুলিও সদৰী কৰিলে শ্বেৰমান আলী আহমেদে।
কেৱল এয়াই নহয়, শ্বেৰমান আলীয়ে নিৰ্বাচনী বতৰত গ্ৰহণ কৰা এই সিদ্ধান্তত ৰাইজৰ দলত তীব্ৰ জোকাৰণিৰো সৃষ্টি হৈছে। কাৰণ যদিহে মন্দিয়া সমষ্টিত ৰাইজৰ দলে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা নকৰে তেতিয়া বৰপেটাৰ জিলা সমিতিৰ লগতে দলটোৰ সকলো আঞ্চলিক সমিতিয়ে পদত্যাগ কৰাৰ হুংকাৰ দিছে। অৱশ্যে এইক্ষেত্ৰত সভাপতি অখিল গগৈক ২৪ ঘন্টা সময়সীমা বান্ধি দিলে দলৰ কৰ্মীসকলে।
মন্দিয়াত কংগ্ৰেছে ইতিমধ্যে জ্যেষ্ঠ নেতা আব্দুল খালেকক প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে। একেদৰে কংগ্ৰেছৰ সৈতে ৰাইজৰ দলৰ মিত্ৰতাও সম্পন্ন হৈছে, গতিকে সমষ্টিটো কোনো কাৰণতে কংগ্ৰেছে ৰাইজৰ দলক এৰি দিয়াৰ সম্ভাৱনা নাই।
আজিৰ শ্বেৰমান আলীক সমৰ্থন জনাই দলৰ কৰ্মীৰ লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়েও অখিল গগৈৰ শীঘ্ৰেই সিদ্ধান্ত লোৱাৰ বাবে হুংকাৰ দিলে। কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ নেতাৰ বাবেই সমষ্টিটোত বন্ধুত্বমূলক প্ৰতিযোগিতা নোহোৱাৰ অভিযোগ শ্বেৰমানৰ। মন্দিয়াত ৰাইজৰ দলৰ সৈতে বন্ধুত্বমুলক প্ৰতিদ্বন্দিতা হ’লে কংগ্ৰেছ নেতাজনে দলত্যাগৰ ভাবুকি দিয়া বুলি অভিযোগ শ্বেৰমান আলী আহমেদৰ। গতিকে এনেদৰেই এতিয়া দিছপুৰলৈ আহিবলৈ নতুন অংক কৰাত ব্যস্ত শ্বেৰমান আলী আহমেদ।
