ডিজিটেল ডেস্কঃ আকৌ দল সলনি কৰিলে বিধায়ক শ্বেৰমান আলী আহমেদে। কালিলৈকে ৰাইজৰ দলত থকা নেতাগৰাকীয়ে এইবাৰ দুলু আহমেদৰ লগ লাগিলে। এমাহতে দুবাৰকৈ দল সলনি কৰি ল’লে মন্দিয়াৰ টিকটষ
আজি তৃণমূল কংগ্ৰেছে প্ৰকাশ কৰা প্ৰাৰ্থী তালিকাত শ্বেৰমান আলী আহমেদক মন্দিয়া সমষ্টিৰ পৰা প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰা হৈছে। আনুষ্ঠানিকভাৱে তৃণমূল কংগ্ৰেছত যোগ দিয়াৰ পূৰ্বেই শ্বেৰমান আলীক টিকট প্ৰদান কৰিলে তৃণমূল কংগ্ৰেছে। দ্বিতীয়খন তালিকাত মুঠ ৭টা সমষ্টিৰ বাবে ঘোষণা কৰা হৈছে প্ৰাৰ্থীৰ তালিকা।
তালিকাত স্থান লাভ কৰা অনুসৰি, হাজো-শুৱালকুছিত ৰ’জি আহমেদ, গুৱাহাটী চেন্ট্ৰেলত অভিজিত মজুমদাৰ, চাবুৱা-লাহোৱালত ইনুছ কুমাৰ কন্দপন, মৰিয়নিত পৰেশ বৰুৱা, উত্তৰ কৰিমগঞ্জত পৰিমল ৰঞ্জন ৰয়, দক্ষিণ কৰিমগঞ্জত প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰা হৈছে আজিজ আহমেদ খানক।
