মুখ্যমন্ত্ৰীৰ বুজনি কামত নাহিল, নন্দিতা গাৰ্লোছাই যোগ দিলে কংগ্ৰেছত

ডিজিটেল ডেস্কঃ লোভত পৰিয়েই হওঁক বা আন কাৰণতে হওঁক, বিদ্ৰোহ কৰিও বিজেপিৰ বহুকেইজন নেতা মনে মনে থাকিল। কিন্তু কোনো কাৰণতে খং কমিবলৈ নিদিলে মন্ত্ৰী নন্দিতা গাৰ্লোছাই। দেওবাৰে নেত্ৰীগৰাকীয়ে বিজেপি ত্যাগ কৰি যোগ দিলে কংগ্ৰেছত।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেওঁৰ গৃহত উপস্থিত হৈ টিকট বঞ্চিত নন্দিতা গাৰ্লোছাক বুজাবলৈ চেষ্টা কৰিছিল যদিও কোনো চেষ্টাই কামত নিদিলে। নন্দিতা গাৰ্লোছাই দেওবাৰে নিশা কংগ্ৰেছত যোগ দিলে।
দেৱলাল গাৰ্লোছাৰ সৈতে বিভিন্ন ক্ষেত্ৰত মতানৈক্য থকা বাবেই নন্দিতাক টিকট বঞ্চিত কৰা বুলি বিভিন্ন মহলত প্ৰতিক্ৰিয়া হৈছিল। টিকট বঞ্চিত হোৱাৰ খবৰ সহজভাৱে ল’ব বিচৰা নাছিল নন্দিতাই যাৰ বাবে তেওঁ শক্তি প্ৰদৰ্শন কৰিবলৈ যোগ দিলে কংগ্ৰেছত।
নেত্ৰীগৰাকীয়ে হাফলঙত নিৰ্বাচন খেলিব বুলিও জানিব পৰা গৈছে। দেওবাৰে কংগ্ৰেছে পঞ্চমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰি সমষ্টিটোত নিৰ্মল লাংথাছাক টিকট প্ৰদান কৰিছিল যদিও বৰ্তমান সেই টিকট লাংথাছাই স্ব-ইচ্ছাই প্ৰদান কৰিব নন্দিতা গাৰ্লোছাক। 
সোমবাৰে মনোনয়ন দাখিল কৰিবলৈ সাজু হৈছে নন্দিতা গাৰ্লোছা। 
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই টিকট বঞ্চিত নেতা তথা বিধায়কসকলক লগ কৰি বুজাবলৈ চেষ্টা কৰিছে যদিও নন্দিতা গাৰ্লোছাই মুখ্যমন্ত্ৰী আহ্বানৰ প্ৰতি গুৰুত্বকে নিদিলে। তাৰ বিপৰীতে নিজৰ স্থিতিতে অটল থাকি কংগ্ৰেছত যোগ দিলে।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *