ডিজিটেল ডেস্কঃ আজি অসমত নিৰ্বাচনী প্ৰচাৰ চলাব AIMIM ৰ নেতা তথা সাংসদ আছাদুদ্দিন ওৱেইছীয়ে। বদৰুদ্দিন আজমলৰ দল এআইইউডিএফৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব ওৱেইছীয়ে। বুধবাৰে নেতাগৰাকীয়ে গুৱাহাটীত উপস্থিত হোৱাৰ পাছতে তেওঁ নিৰ্বাচনী প্ৰচাৰ চলাবলগীয়া সমষ্টিৰ তালিকা চূড়ান্ত কৰিছে এআইইউডিএফে।
আজি পাকাবেতবাৰী, দলগাঁও, ৰূপহীহাট, চামগুৰি, ধিং, লাহৰীঘাট, বিন্নাকান্দি আৰু কাইলৈ পূব গোৱালপাৰা, ধুবুৰী, চেঙা, মন্দিয়াত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ ল’ব ওৱেইছীয়ে।
ইতিমধ্যে এই নিৰ্বাচনী প্ৰচাৰৰ বাবে প্ৰতিটো সমষ্টিতে ব্যাপক আয়োজন পৰিলক্ষিত হৈছে। প্ৰতিটো সমষ্টিতে অধিক লোকৰ সমাগম কৰি নিজৰ শক্তি প্ৰদৰ্শনৰ চেষ্টা কৰিব এআইইউডিএফ নেতৃত্বই।
পাকাবেতবাৰীৰ এআইইউডিএফৰ প্ৰাৰ্থী মীনাক্ষী ৰহমানে তেওঁৰ সমষ্টিত ওৱেইছীৰ প্ৰচাৰৰ সময়ত ৫০ৰ পৰা ৬০ হাজাৰ লোকৰ সমাগম হ’ব বুলি মন্তব্য কৰিছে। ইফালে এই প্ৰচাৰ কাৰ্যসূচীৰ সময়ত ওৱেইছীক সংগ দিব এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলে।
নিৰ্বাচন আহিলেই ওৱেইছীৰ দৰে নেতাসকল অসমলৈ অহা দেখা যায়। তেওঁলোকে অসমলৈ আহি বিভিন্ন বিতৰ্কিত মন্তব্য কৰাৰ চেষ্টা কৰে। যি মন্তব্যই এআইইউডিএফ আৰু বিজেপি উভয় পক্ষকে সহায় কৰে। একেদৰে আজমলেও গামোচা দলিওৱাৰ লগতে তেনে ধৰণৰ কিছু বিতৰ্কিত কাৰ্য সংঘটিত কৰে।
আজিৰ ওৱেইছীৰ আগমনে এআইইউডিএফে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰিব বুলি কংগ্ৰেছে অভিযোগ কৰা দেখিবলৈ পোৱা গৈছে। গতিকে আজিৰ ওৱেইছীৰ আগমনে আজমলৰ শক্তি বৃদ্ধি কৰিব নে হিমন্ত বিশ্ব শৰ্মাক সহায় কৰিব সেয়া চাবলগীয়া হ’ব।
