ডিজিটেল ডেস্কঃ বিধানসভা নিৰ্বাচনৰ বাবে অসমত এতিয়া বিজেপি তথা NDAৰ নেতাৰ ভিৰ লগা পৰিলক্ষিত হৈছে। কেনেকৈ পাৰি নিজৰ দলৰ ভেটি মজবুত কৰিবলৈ সকলোৱে চেষ্টা অব্যাহত ৰাখিছে। শুকুৰবাৰে পুনৰ অসমলৈ আহিব কেইবাগৰাকীও NDAৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা।
বুধবাৰে অসমলৈ আহিব উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ। একেদৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনো আহিব অসমলৈ। ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰ্জুন মুণ্ডায়ো অসমত বুধবাৰে চলাব নিৰ্বাচনী প্ৰচাৰ।
যোগী আদিত্যনাথে বৰপেটা আৰু বৰচলাত চলাব নিৰ্বাচনী প্ৰচাৰ। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনেও ৩ খনকৈ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। কমলপুৰ, মঙলদৈ আৰু নিউ গুৱাহাটীত প্ৰচাৰ চলাব নীতিন নবীনে।
ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰ্জুন মুণ্ডাই নাহৰকটীয়া আৰু টিংখাঙত নিৰ্বাচনী প্ৰচাৰত অংশ ল’ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰা শীৰ্ষ পৰ্ষায়ৰ আন আন নেতাসকলেও অসমত ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। এতিয়া এনেদৰেই বিজেপিৰ নেতাসকলে কেনেকৈ পাৰি নিজৰ আসনৰ সংখ্যা বৃদ্ধি কৰিব সেই কাৰ্যত নিমগ্ন হৈছে।
