বাঢ়িছে জনপ্ৰিয়তা, কুংকিৰ সমৰ্থনত ওলাই আহিছে Gen-Z, গোৰ্খা-বঙালী লোকো উঠিছে গৰজি

ডিজিটেল ডেস্কঃ নিৰ্বাচনী প্ৰচাৰৰ সময়ত মধ্য গুৱাহাটী সমষ্টিৰ অসম জাতীয় পৰিষদ (AJP) আৰু বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী কুংকি চৌধুৰীক সমালোচনা কৰি জনপ্ৰিয়হে কৰিলে নেকি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। সততে ৰাজনীতিৰ নামত আনক সমালোচনা আৰু কটাক্ষ কৰাত সিদ্ধাহস্ত মুখ্যমন্ত্ৰীগৰাকীয়ে যেন গোৰ মাৰি গংগাতহে পেলালে কুংকিক।
মুখ্যমন্ত্ৰীয়ে কুংকিৰ পিতৃ আৰু মাতৃৰ সন্দৰ্ভত যি আপত্তিজনক মন্তব্য কৰিছিল সেই মন্তব্যৰ পাছতে নেত্ৰীগৰাকীৰ প্ৰতি বিনাচৰ্তে সমৰ্থন আগবঢ়াইছে অখিল ভাৰতীয় গোৰ্খা লীগে (AIGL)। একেদৰে UNITED BENGALI FORUM, ASSAMৰ তৰফৰ পৰাও কুংকিলৈ মুকলি সমৰ্থন আগবঢ়োৱা পৰিলক্ষিত হৈছে। 
লণ্ডনৰ ইউনিভাৰ্চিটী কলেজ (UCL)-ৰ পৰা ‘শৈক্ষিক নেতৃত্ব’ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীধাৰী কুংকিৰ প্ৰতি মানুহক উৎসুকতাও বৃদ্ধি পোৱা দেখা গৈছে। কুংকি চৌধুৰীৰ মাতৃ সুজাতা গুৰুং চৌধুৰীয়ে গো-মাংস খোৱা বুলি এক বিতৰ্কিত মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। 
মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্যৰ পাছতে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে ৰাজনৈতিক লাভালাভৰ বাবে কুংকিৰ পৰিয়ালৰ লোকসকলক টানি অনাৰ অভিযোগ উত্থাপন কৰি বিভিন্নজনে ধিক্কাৰ দিছে। 
কুংকিৰ মাতৃ হৈছে ১৯৪৩ চনত অখিল ভাৰতীয় গোৰ্খা লীগ প্ৰতিষ্ঠা কৰা নেতা তথা ভাৰতৰ সংবিধান সভাত গোৰ্খাসকলৰ প্ৰতিনিধি বাবু ডম্বৰ সিং গুৰুং আৰু ভাৰতৰ সংবিধানত স্বাক্ষৰকাৰী বেৰিষ্টাৰ অৰি বাহাদুৰ গুৰুঙৰ বংশধৰ।
অখিল ভাৰতীয় গোৰ্খা লীগৰ প্ৰতিষ্ঠাপক সভাপতি তথা সুজাতা গুৰুং চৌধুৰীৰ জ্যেষ্ঠ ককাক বাবু ডম্বৰ সিং গুৰুং আছিল সংবিধান সভাৰ সদস্য আছিল আৰু পৰৱৰ্তী সময়ত তেখেতৰ মৃত্যুৰ পাছত সুজাতা গুৰুং চৌধুৰীৰ নিজা ককাক অৰি বাহাদুৰ গুৰুঙে উক্ত পদত নিৰ্বাচিত হৈ সংবিধান ৰচনাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। 
গতিকে এনে পৰিস্থিতিত কুংকিৰ প্ৰতি দেখা পোৱা সমৰ্থনে বিশেষভাৱে চৰ্চা লাভ কৰিছে। একেদৰে কুংকিৰ প্ৰতি ৰাইজৰ তথা যুৱ প্ৰজন্মৰ সমৰ্থনো বৃদ্ধি পাইছে। Gen-Zৰ প্ৰতিনিধি কুংকিৰ প্ৰতি সকলোৱে সমৰ্থন কৰা দেখা পোৱা গৈছে। কুংকি চৌধুৰীলৈ মুকলি সমৰ্থন আগবঢ়াইছে বিশিষ্ট অৰ্থনীতিবিদ তথা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ স্বামী পৰকলা প্ৰভাকৰৰ।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *