ডিজিটেল ডেস্কঃ সততে নিৰ্বাচনৰ আগনিশা প্ৰাৰ্থী তথা সমৰ্থকসকল খুবেই সক্ৰিয় আৰু সষ্টম হৈ থাকে। যাতে কোনো অঘটন নঘটে তাৰ বাবে আৰক্ষী আৰু প্ৰশাসনৰ লোকসকলো সজাগ হৈ থাকে।
কিন্তু এই সকলো সজাগ আৰু সষ্টম হৈ থকাৰ মাজতে এগৰাকী প্ৰাৰ্থীয়েহে ঘটালে অঘটন। কংগ্ৰেছ প্ৰাৰ্থী সুৰেন দৈমাৰীয়ে নিৰ্বাচনৰ আগদিনা এৰি দিলে দল। মই নিৰ্বাচন নেখেলো আৰু মোক ভোট নিদিব বুলিও ক’লে মুকলিকৈ।
লগে লগে চৌদিশে আৰম্ভ চৰ্চা। নেতাগৰাকীয়ে দল এৰিয়েই ক্ষান্ত নাথাকিল। কংগ্ৰেছে মিঞাৰ তুষ্টিকৰণ কৰে বুলিও অভিযোগ আনিলে দৈমাৰীয়ে।
ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত সংঘটিত হৈছে এই নজিৰবিহীন ঘটনা। ওদালগুৰিৰ কংগ্ৰেছ প্ৰাৰ্থী গৰাকীয়ে কংগ্ৰেছক প্ৰৱঞ্চকৰ দল আখ্যা দিলে।
নিৰ্বাচনত দলে সঁহাৰি নিদিয়াৰে বাবে বিতুষ্ট হৈ প্ৰাৰ্থীগৰাকীয়ে আনিলে আন কেতবোৰ অভিযোগো। লগে লগে নেতাগৰাকীয়ে নিৰ্বাচনৰ আগদিনালৈ দল ত্যাগৰ বাবে কিয় ৰৈ আছিল বুলি প্ৰশ্ন উঠিছে।
ওদালগুৰিত UPPL দলৰ পৰা দ্বীপেন বড়ো, বিপিএফৰ পৰা ৰীহন দৈমাৰী আৰু কংগ্ৰেছৰ পৰা সুৰেন দৈমাৰী আছিল মূল প্ৰাৰ্থী। এই ৩ গৰাকী প্ৰাৰ্থীৰ মাজতে প্ৰতিদ্বন্দিতা হ’ব বুলি সকলোৱে আশা কৰিছিল। কিন্তু এতিয়া এই ৩ গৰাকী প্ৰাৰ্থীৰ পৰা মূল প্ৰতিদ্বন্দি ২ গৰাকীলৈ হ্ৰাস পাইছে।
কিছুদিনৰ পৰা নিস্ক্ৰিয়তা অৱলম্বন কৰা সুৰেন দৈমাৰীয়ে দল ত্যাগ কৰাৰ পাছতে আন কেইবাগৰাকী প্ৰাৰ্থীয়েও নিস্ক্ৰিয়তা অৱলম্বন কৰা বুলি পোহৰলৈ আহিছে।
মুখ্যমন্ত্ৰীয়ে কিছুদিন পূৰ্বে কংগ্ৰেছৰ ৩০ গৰাকী প্ৰাৰ্থী মই দিয়া বুলি যি বিস্ফোৰক মন্তব্য কৰিছিল সেই মন্তব্যৰ ৩০গৰাকী বিশেষ লোকৰ ভিতৰত সুৰেন দৈমাৰীও এজন নেকি বুলি বিভিন্ন মহলত প্ৰশ্নৰ অৱতাৰণা হৈছে।
