বিপদ নিশ্চিত এগৰাকী কংগ্ৰেছ প্ৰাৰ্থীৰ, ভোটগ্ৰহণৰ লগে লগে ৰুজু হ’ল গোচৰ

ডিজিটেল ডেস্কঃ নিৰ্বাচন সম্পন্ন হৈ যোৱাৰ পাছতে এগৰাকী কংগ্ৰেছ প্ৰাৰ্থী ভয়ংকৰ বিপদত পৰিছে। ভোটকেন্দ্ৰত অনাধিকাৰ প্ৰৱেশৰ অভিযোগ কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে। পাথাৰকান্দিৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ নাম কাৰ্তিক সেনা সিনহা।
সিনহাৰ বিৰুদ্ধে বাজাৰিছেৰা আৰক্ষী থানাত ৰুজু হৈছে গোচৰ। প্ৰাপ্ত খবৰ অনুসৰি নেতাগৰাকীৰ বিৰুদ্ধে গোচৰ ২১৪ নম্বৰ ভোটকেন্দ্ৰৰ প্ৰিজাইডিং বিষয়াই গোচৰ তৰিছে।
প্ৰাৰ্থীগৰাকীয়ে ৰঙামাটি ভোটকেন্দ্ৰত অনাধিকাৰ প্ৰৱেশ কৰাৰ অভিযোগ উত্থাপন কৰিছে প্ৰিজাইডিং বিষয়া তাৰিক আমোন মজুমদাৰে। বিজেপিৰ প'লিং এজেণ্টক প্ৰহাৰ কৰাৰ অভিযোগো উত্থাপন হৈছে প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে। 
উত্থাপিত অভিযোগ অনুসৰি কাৰ্তিক বাহিনীৰ আক্ৰমণত আহত হৈছিল ১৫ গৰাকী বিজেপি কৰ্মী। শ্ৰীভূমিত SSP লীনা  দলেয়ে সদৰী কৰা অনুসৰি কাৰ্তিক সেনা সিনহাক বিচাৰি অনুসন্ধান আৰম্ভ কৰিছে আৰক্ষীয়ে। 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *