ডিজিটেল ডেস্কঃ ৰিগিঙৰ অভিযোগ উঠা শ্ৰীভূমিৰ এটা ভোটকেন্দ্ৰত শনিবাৰে অৰ্থাৎ ১০ এপ্ৰিলত পুনৰ ভোটগ্ৰহণ সম্পন্ন হ’ল। ৬১.০৭ শতাংশ ভোটদানেৰে নতুনকৈ ভোটগ্ৰহণ সম্পন্ন হোৱা কেন্দ্ৰটো বেবিলেণ্ড ইংলিছ হাইস্কুলত স্থাপন কৰা হৈছিল।
দেওবাৰে পুৱা ৭ বজাৰ পৰা ২৩৯নং কেন্দ্ৰটোত শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ সম্পন্ন হয়। অধিক নিৰাপত্তাৰক্ষীৰ উপস্থিতিত ভোটগ্ৰহণ হোৱা কেন্দ্ৰটোত আছিল মুঠ ৫৯৯ গৰাকী ভোটাৰ।
দেওবাৰৰ ভোটগ্ৰহণৰ সময়ত ৩৭০ গৰাকী ভোটাৰে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে। উল্লেখ্য যে, ৯ এপ্ৰিলত ভোটগ্ৰহণৰ সময়ত খেলিমেলিৰ সৃষ্টি হোৱাৰ লগতে ভোট ৰিগিঙৰ অভিযোগ উত্থাপিত হোৱাৰ বাবেই পুনৰ ভোটগ্ৰহণ সম্পন্ন হয়।
