ডিজিটেল ডেস্কঃ নিৰ্বাচনী আচৰণ বিধি উলংঘন কৰাৰ অভিযোগত গুৱাহাটী আৰক্ষীয়ে চমন জাৰি কৰাৰ পাছতে আজি পাণবজাৰ থানাত উপস্থিত হ’ল বিৰোধী ঐক্যৰ প্ৰাৰ্থী কুংকি চৌধুৰী। অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীগৰাকী কেইটামান মুহূৰ্তৰ পূৰ্বে আৰক্ষী থানাত উপস্থিত হয়।
মধ্য গুৱাহাটী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা ২৭ বছৰীয়া চৌধুৰীৰ কেইবাগৰাকী সহযোগীক আৰক্ষীয়ে আটক কৰি জেৰা চলোৱা বুলিও জানিব পৰা গৈছে। অৱশ্যে জেৰাৰ অন্তত তেওঁলোকক আৰক্ষীয়ে মুকলি কৰি দিছে। পাণবজাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই শনিবাৰে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ধাৰা ৩৫(৩)ৰ অধীনত কুংকি চৌধুৰীলৈ প্ৰেৰণ কৰিছিল জাননী।
আৰক্ষীয়ে সদৰী কৰা অনুসৰি পাণবজাৰ আৰক্ষী থানাৰ ৭৪/২৬ নম্বৰৰ গোচৰৰ সৈতে জড়িত তথ্য আৰু পৰিস্থিতিৰ অনুসন্ধানৰ বাবে কুংকিক চমন জাৰি কৰিছিল। একেদৰে তদন্তকাৰী বিষয়াৰ সন্মুখত হাজিৰ নহ’লে তেওঁক গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা থকা বুলি আৰক্ষীয়ে প্ৰেৰণ কৰা জাননীখনৰ জৰিয়তে জনোৱা হৈছে কুংকিক।
বিজেপি কৰ্মী নৱ কুমাৰ লহকৰে দাখিল কৰা এখন এজাহাৰৰ ভিত্তিত কুংকিক চমন জাৰি কৰা হৈছে। অভিযোগ অনুসৰি, ভোটদানৰ দিনটোত প্ৰাৰ্থীগৰাকীয়ে নিৰ্বাচনী আচৰণবিধি উলংঘন কৰিছিল।
