ডিজিটেল ডেস্কঃ ৰাহুল গান্ধীৰ মন্তব্যই ৰসৰ সৃষ্টি কৰি অহাৰ খবৰ আজিৰ নহয়, সদায়ে নেতাগৰাকীৰ কথাই বিভিন্নজনক হাঁহিৰ খোৰাক দিয়ে। এইবাৰ অৱশ্যে প্ৰধানমন্ত্ৰী মোদীক সাঙুৰি নেতাগৰাকীয়ে কৰা এটা মন্তব্যই বিশেষভাৱে চৰ্চা লাভ কৰিছে।
লোকসভাত মহিলাৰ আসন সংৰক্ষণ বিধেয়কক লৈ আলোচনা চলি থকাৰ মাজতে ৰাহুল গান্ধীয়ে ৰসিকতাভৰা এটা বিশেষ মন্তব্য কৰে। ৰাহুল গান্ধী তথা কংগ্ৰেছে লোকসভাত মহিলাৰ আসন সংৰক্ষণ বিধেয়কৰ বিৰোধিতা কৰিছিল আৰু তেনেতে নিজা মন্তব্য ৰাখি ৰাহুলে কয়, ‘প্ৰধানমন্ত্ৰী আৰু মোৰ দুয়োজনৰে পত্নী নাই। সেয়ে পত্নীৰ দৃষ্টিভংগীৰে আমাৰ প্ৰতিক্ৰিয়া নাই।’
অৱশ্যে কেৱল এয়া কোৱাতে ক্ষান্ত নাথাকি ৰাহুলে আন কেতবোৰ মন্তব্যও কৰে। প্ৰধানমন্ত্ৰী মোদীক সমালোচনা আৰু কটাক্ষ কৰে ৰাহুলে। লগতে ৰাহুলে কয়, ‘কিন্তু মোৰ ওচৰত মা আৰু ভগ্নী আছে।’
ৰাহুল গান্ধীৰ ৰসিকতাভৰা বক্তব্যই সকলোকে হাঁহিৰ খোৰাক দিয়া দেখা যায়। অৱশ্যে অধিকাৰ আৰু সন্মান সকলোৰে প্ৰাপ্য বুলিও মন্তব্য কৰে কংগ্ৰেছ নেতাগৰাকীয়ে।
