ভয়ংকৰ বিপদত পৰিছে ৰাহুল গান্ধী

ডিজিটেল ডেস্কঃ নতুন এটা বিপদত পৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী। ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ দাখিলৰ নিৰ্দেশ দিছে ন্যায়ালয়ে। উল্লেখ্য যে, দ্বৈত নাগৰিকত্বৰ গোচৰত আৰক্ষীক ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ দাখিলৰ নিৰ্দেশ দিছে এলাহাবাদ উচ্চ ন্যায়ালয়ে।
বিজেপি নেতা বিগনেশ শিশিৰে এলাহাবাদ উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল। যি আবেদনত ৰাহুল গান্ধীৰ বিৰুদ্ধে ভাৰতৰ লগতে বৃটেইনৰ নাগৰিকত্ব থকাৰ অভিযোগ উত্থাপিত কৰিছিল।
বৃটেইনৰ নাগৰিকে কেনেকৈ ভাৰতৰ সাংসদ হ’ব বুলি প্ৰশ্ন উত্থাপিত হোৱাৰ পাছতে বিপদত পৰিছে কংগ্ৰেছ সাংসদগৰাকী। প্ৰাপ্ত তথ্য অনুসৰি, ২০২৪ চনত ৰাইবেৰেলীৰ পৰা সাংসদৰূপে নিৰ্বাচিত হোৱাৰ পাছতে ৰাহুল গান্ধীৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হৈছিল বিজেপি নেতা বিগনেশ শিশিৰ।
ইফালে ন্যায়ালয়ৰ নিৰ্দেশনাৰ পাছতে উত্তৰ প্ৰদেশ চৰকাৰে বিষয়টো তদন্তৰ বাবে CBIলৈ হস্তান্তৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু এনে পৰিস্থিতিত কংগ্ৰেছ নেতাগৰাকীৰ সন্মুখত নতুন বিপদ অহা পৰিলক্ষিত হৈছে। 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *