ডিজিটেল ডেস্কঃ ব্ৰিটিছ সংসদলৈ নিমন্ত্ৰণ লাভ কৰিছে মাজুলীৰ ঐতিহাসিক শ্ৰীশ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড০ পিতাম্বৰ দেৱগোস্বামীয়ে। ১৭ জুনত ব্ৰিটিছ সংসদত ড০ গোস্বামীয়ে বক্তৃতা প্ৰদান কৰিব।
প্ৰাপ্ত তথ্য অনুসৰি ব্ৰিটিছ সংসদত বক্তৃতা দিবলৈ অসমৰ পৰা নিমন্ত্ৰণ লাভ কৰা প্ৰথমগৰাকী ব্যক্তিয়েই হৈছে ড০ গোস্বামী। স্বাভাৱিকতেই নিমন্ত্ৰণ লাভ কৰি আনন্দ প্ৰকাশ কৰিছে সত্ৰাধিকাৰ গৰাকীয়ে।
‘অসমৰ সত্ৰীয়া সংস্কৃতি আৰু অসমীয়া সমাজ জীৱনত ইয়াৰ প্ৰভাৱ' শীৰ্ষক বিষয়ত তেখেতে বক্তৃতা প্ৰদান কৰিব। আজি নাৰায়ণপুৰত এক অনুষ্ঠানত অংশ লৈ জুন মাহৰ প্ৰথম সপ্তাহত লণ্ডন অভিমুখে ৰাওনা হ’ব বুলি সত্ৰাধিকাৰগৰাকীয়ে সদৰী কৰিছে।
