ডিজিটেল ডেস্কঃ কি হৈছে গুৱাহাটী মহানগৰীত? ইটোৰ পাছত সিটো ভয়ংকৰ ঘটনাই জোকাৰি গৈছে গুৱাহাটীক। এইবাৰ মহানগৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে। এগৰাকী মহিলাক হত্যাৰ অভিযোগ উঠিছে স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে।
ওদালবাক্ৰাত শ্ৰুতি ৰায় নামৰ মহিলাগৰাকীৰ মৃত্যুক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। স্বামী ৰূপক সেনে বিহ খুৱাই হত্যা কৰাৰ অভিযোগ আনিছে মহিলাগৰাকীৰ পৰিয়ালৰ লোকে। প্ৰাপ্ত তথ্য অনুসৰি, চাৰিমাহ পূৰ্বে ৰূপক সেনৰ সৈতে বিৱাহ হৈছিল শ্ৰুতিৰ। ইফালে ঘটনাৰ পাছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত স্বামীক। গ্ৰেপ্তাৰৰ পাছতে হত্যাৰ অভিযোগ অস্বীকাৰ কৰিছে ৰূপক সেনে।
আনহাতে শ্ৰুতি ৰায় কিছুদিন ধৰি অসুস্থ হৈ থকা বুলি মন্তব্য কৰিছে স্বামীয়ে। উল্লেখ্য যে, ২৮ জানুৱাৰীত শ্ৰুতিৰ সৈতে বিবাহ হৈছিল ৰূপকৰ। একেদৰে শ্ৰুতি আছিল ৰূপকৰ দ্বিতীয় পত্নী। ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
