ডিজিটেল ডেস্কঃ খানাপাৰাত সোমবাৰে সম্পন্ন হ’ল অগপৰ নিৰ্বাচন সম্পৰ্কীয় পৰ্যালোচনা বৈঠক। ন-মাইলৰ আনিয়া এডিশ্যন হোটেলত অনুষ্ঠিত হোৱা পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে দলৰ শীৰ্ষ নেতৃত্বই।
নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলেও অংশগ্ৰহণ কৰা এই বৈঠকত উপস্থিত থাকি অগপৰ সভাপতি অতুল বৰাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে।
বৰাই কয়, ‘পূৰ্বতকৈ এইবাৰ বৃদ্ধি পাব আসনৰ সংখ্যা। অধিক আসনেৰে হ’ব NDAৰ চৰকাৰ।’ নেতাগৰাকীয়ে NDAৰ চৰকাৰ হ’ব বুলি ক’লে যদিও কিমানজন মন্ত্ৰী বিচাৰিব এতিয়াই সদৰী নকৰোঁ বুলিও ক’বলৈ নাপাহৰিলে।
বিজেপিত গাড্ডাৰ আছে যদিও অগপত গাড্ডাৰ নাই আৰু চিপৰাং ৰাজনীতি নাই চলা বুলি নেতাগৰাকীয়ে কয়।
