ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল

ডিজিটেল ডেস্কঃ অপেক্ষাৰ অন্ত পৰিল। কাইলৈ ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। প্ৰাপ্ত তথ্য অনুসৰি এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে ৩ লাখ ৩০ হাজাৰ ৭৪৪ গৰাকী পৰীক্ষাৰ্থী।
১৩ ফেব্ৰুৱাৰীৰ পৰা ১৭ মাৰ্চলৈ অনুষ্ঠিত হোৱা পৰীক্ষাত কলা শাখাত অৱতীৰ্ণ হৈছিল সৰ্বাধিক সংখ্যক পৰীক্ষাৰ্থী। ২ লাখ ৪৭ হাজাৰ ৮৬৫ পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে কলা শাখাত।
একেদৰে ৬১ হাজাৰ ৫৬৮ পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে বিজ্ঞান শাখাত। বাণিজ্য শাখাত অৱতীৰ্ণ হৈছে ১৯ হাজাৰ ৮০৬ পৰীক্ষাৰ্থী। আনহাতে কাৰিকৰী শাখাত অৱতীৰ্ণ হৈছে ১,৫০৫ পৰীক্ষাৰ্থী।
সকলো পৰীক্ষাৰ্থী খুবেই উৎকণ্ঠাৰে ৰৈ আছে। জীৱনৰ এটা গুৰুত্বপূৰ্ণ পৰীক্ষাৰ ফলাফল ঘোষণা হোৱা বাবে সকলো শিক্ষাৰ্থীৰ মাজত ব্যস্ততাও পৰিলক্ষিত হৈছে।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *