ডিজিটেল ডেস্কঃ আজি ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। কিন্তু ফলাফল ঘোষণাৰ পূৰ্বে এক ভয়ংকৰ অঘটন সংঘটিত হৈছে।
সোণাৰিত সন্ধানহীন হৈছে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বহা এগৰাকী পৰীক্ষাৰ্থী। প্ৰাপ্ত তথ্য অনুসৰি, সোণাৰিৰ উজান লংপতীয়াৰ ছাত্ৰগৰাকীৰ নাম কেশৱ কোৱঁৰ।
নিত্যা কোৱঁৰ নামৰ লোকজনৰ পুত্ৰ তথা সোণাৰি বি পি বি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ কেশৱ কোৱঁৰ যোৱানিশাৰে পৰা সন্ধানহীন হৈ আছে।
ইফালে মিৰিপথাৰৰ দুমুখীয়া দলঙত ছাত্ৰগৰাকীৰ চাইকেল আৰু জেকেটৰ লগতে চেণ্ডেল উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, আজি পুৱা ১০:৩০ বজাত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। তাৰ পূৰ্বে সংঘটিত এই ঘটনাই সোণাৰিত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
