ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কিয় ইমান খং অখিল গগৈৰ। ৰাইজৰ দলৰ নেতা তথা শিৱসাগৰৰ প্ৰাৰ্থীগৰাকীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি লিখা এখন পত্ৰ এই সময়ত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। বিভিন্ন বিস্ফোৰক কথা নেতাগৰাকীয়ে লিখিছে। অখিল গগৈৰ চিঠিৰ অসম্পাদিত ৰূপ-
‘‘প্ৰতি,
শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা
মুখ্যমন্ত্ৰী, অসম।
নমস্কাৰ গ্ৰহণ কৰিব। ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত আপুনি ৯৬ নং শিৱসাগৰ বিধানসভা সমষ্টিৰ মোৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী, বিজেপি দলৰ জয়ন্ত হাজৰিকা ওৰফে কুশল দুৱৰীক ৰক্ষণাৱেক্ষণ দিবলৈ, মোক চিত্ৰগুপ্ত আখ্যা দি যি মন্তব্য কৰিছিল, সেই মন্তব্যটো শুনি মই আপোনালৈ এই পত্ৰখন লিখিলোঁ।
অসমৰ বুকুত ১৯৯০ দশকৰ ‘গুপ্তহত্যা’ৰ সেই বিভীষিকাৰ দিনবোৰ সেই সময়ৰ মানুহে কোনেও পাহৰা নাই। আজিও শুকোৱা নাই সেই কেঁচা তেজৰ চেকুৰা। অসমীয়াৰ কেঁচা তেজেৰে ফাকু খেলা সেই দিনবোৰৰ কথা মনত পৰিলে আজিও গাৰ নোম শিয়ঁৰি উঠে। ১৯৯০ দশক আৰু একবিংশ শতিকাৰ প্ৰথম সেই সময়ছোৱা আছিল মৃত্যুৰ বিভীষিকাৰ আন এক নাম। মুখত ক’লা কাপোৰ বান্ধি অহা ঘাতকৰ দলে কেতিয়া কাৰ দুৱাৰত টোকৰ মাৰিব, তাৰ কোনো নিশ্চয়তা নাছিল। কেৱল সন্দেহৰ বশৱৰ্তী হৈ কিমান নিৰপৰাধী অসমীয়াৰ গৰম তেজেৰে লুইতৰ পানী ৰঙা হ’ল, তাৰ হিচাপ হয়তো কোনোবা ফাইলৰ ধূলিত হেৰাই গৈছে! কিন্তু ভুক্তভোগী পৰিয়ালবোৰৰ বুকুৰ ধপধপনি আজিও কমা নাই, হিয়া ভঙা কান্দোনবোৰ এতিয়াও গোট মাৰি আছে। অসমৰ ইতিহাসৰ সেই নৃশংসতাৰ আটাইতকৈ ডাঙৰ খলনায়কজন আছিল জয়ন্ত হাজৰিকা ওৰফে কুশল দুৱৰী, যিগৰাকীক আপুনি এইবাৰ ২০২৬ৰ অসম বিধানসভা নিৰ্বাচনত ঐতিহাসিক শিৱসাগৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী হিচাপে প্ৰাৰ্থিত্ব প্ৰদান কৰিলে। সেইসময়ত মানুহৰ ঘৰৰ সন্মুখৰ ৰাস্তাৰে ধূলি উৰুৱাই যোৱা জীপছি গাড়ীৰ শব্দ শুনিলেই মানুহৰ উশাহ-নিশাহ স্তব্ধ হৈ পৰিছিল এইগৰাকী জয়ন্ত হাজৰিকাৰ উপদ্ৰৱত।
সেই সময়ৰ বিভিন্ন বাতৰিকাকত, স্থানীয় ৰাইজৰ অভিযোগ তথা ‘ৰিপ’ৰ্ট অৱ জাষ্টিছঃ কে এন শইকীয়া কমিশ্যন অৱ এনকুৱাৰী’ৰ তথ্য অনুসৰি জয়ন্ত হাজৰিকা ওৰফে কুশল দুৱৰীয়ে কেৱল শিৱসাগৰত ৬৮ টাকৈ হত্যাকাণ্ড (এয়া আংশিক তালিকাহে। এই সংখ্যা আৰু বহু বেছি! ) সংঘটিত কৰিছিল।
১৯৯৯ চনৰ ১২ ছেপ্টেম্বৰত মাহমৰাৰ বৰবিলৰ নামঘৰীয়া উমা গগৈ পৰিয়ালৰ ঘটনাটোৰ কথা শুনিলেই শিয়ঁৰি উঠিব গাৰ নোম। উমা গগৈৰ ৬ গৰাকীকৈ ছোৱালীক মাক-দেউতাকৰ সন্মুখতেই উপৰ্যুপৰি বলাৎকাৰ কৰি বিচনাৰ ওপৰত বান্ধি উমা গগৈৰ সহিতে পৰিয়ালটোৰ মুঠ ৯ জনকৈ লোকক বোমাৰে উৰুৱাই দিছিল সেই জিঘাংসুৰ দলটোৱে। সেই বোমা বিস্ফোৰণত গাৰ মাংস চাৰিওফালে ছিটিকি গৈ গছৰ ডাল পৰ্যন্ত ওলমি ৰৈছিল।
৮ জানুৱাৰী, ১৯৯৯। নিতাইপুখুৰীৰ অচ্যুৎ গগৈ আৰু দেৱ চেতিয়া। বৰ্বৰতাৰ সীমা চেৰাই তেওঁলোকৰ জীয়াই থকাৰ অধিকাৰ কাঢ়ি নি জিভা কাটি হত্যা কৰিছিল জয়ন্ত হাজৰিকা ওৰফে কুশল দুৱৰীয়ে। ঠিক একেদৰে ২ জুন, ১৯৯৩ চনত পাৰলিগুৰিত ৭ বছৰীয়া নিষ্পাপ শিশু মিলন বুঢ়াগোঁহাইক হত্যা কৰা হৈছিল। যিটো বয়সত হাতত কলম বা পুতলা থাকিব লাগিছিল, সেই বয়সত ঘাতকৰ গুলীয়ে তাৰ বুকু বিন্ধিছিল। একেটা দিনতে ৯ম শ্ৰেণীৰ দিবাকৰ বুঢ়াগোঁহাই আৰু মানিক মহন নামৰ আন এগৰাকী ব্যক্তি নৃশংস হত্যাৰ বলি হৈছিল জয়ন্ত হাজৰিকা ওৰফে কুশল দুৱৰীৰ দলটোৰ হাতত। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, এয়া জয়ন্ত হাজৰিকা ওৰফে কুশল দুৱৰীৰ বিৰুদ্ধে থকা বৰ্বৰ হত্যাকাণ্ডৰ অভিযোগৰ মাত্ৰ দুটামান সাধাৰণ উদাহৰণহে। এই ঘাতক বাহিনীয়ে শিৱসাগৰত ৪ জন অনুসূচিত জাতিৰ লোকক হত্যা কৰিছিল, তাৰে এজনক পিচ পিচকৈ কাটি, বুকুৰ কলিজা উলিয়াই আনি, সেই কলিজাকো টুকুৰা-টুকুৰ কৰিছিল।
২০০১ চনত সংঘটিত হোৱা মৰাণ পল’ ক্লাৱৰ সেই জঘন্য হত্যাকাণ্ডৰ কথা সেইসময়ৰ কোনে নাজানে! প্ৰদীপ মহনসহ বহুজন প্ৰাক্তন আলফাক একেলগে গুলীয়াই থকা-সৰকা কৰা হৈছিল। নিমিষতে ১২ টা দেহ নিথৰ হৈ পৰিছিল।
জয়ন্ত হাজৰিকা ওৰফে কুশল দুৱৰীৰ দৰে চৰিত্ৰবোৰৰ নাম এই ক’লা ইতিহাসৰ সৈতে এনেদৰে সাঙোৰ খাই আছে, যাৰ ভয়াৱহতাৰ কথা ভাবিলে আজিও মানুহে ভয়ত ত্ৰস্তমান হয়। যিমান তথ্য গোটাই চাব, সিমানেই ওলাই পৰিব একো একোটা শিহৰণকাৰী হিচাপ। শ শ নিৰীহ লোক ‘গুপ্তহত্যা’ৰ নামত বলি হ’ল! কোনোবাই পিতৃক হেৰুৱালে, কোনোবাই একমাত্ৰ পুত্ৰক হেৰুৱালে। সময় পাৰ হ’ল, শাসন সলনি হ’ল, কিন্তু ন্যায় পালে জানো ঘাতকৰ বলি হোৱা সেই নিৰ্দোষী পৰিয়ালবোৰে?
আৰু আজি, মূল্যবোধৰ কথা কোৱা বিজেপি আৰু বাগাড়ম্বৰে অসমীয়া জাতিক বিপথে পৰিচালিত কৰিব খোজা আপুনি, ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত, অসমৰ ইতিহাসৰ এই জঘন্যতম গুপ্তহত্যাকাৰীজনকেই বিজেপিৰ ৯৬ নং শিৱসাগৰ বিধানসভা সমষ্টিৰ প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰিলে আৰু তাৰপাছত আপুনি মোক উদ্দেশ্যি ক’লে- “তেওঁ, কোনে কাক মাৰ্ডাৰ কৰিছিল, তেওঁ কি চিত্ৰগুপ্ত? হিচাপটো ৰাখি থাকে?……তেওঁক যমে সেইটো কাৰণে এপইণ্ট কৰি থৈছে নেকি যে কোনে ক’ত কিমান মাৰ্ডাৰ কৰিছে; সেই হিচাপ ৰাখিব? অখিল গগৈ ডাঙৰীয়া কি অসমৰ মাৰ্ডাৰাৰৰ এনচাইক্ল’পেডিয়া নেকি?”
কিন্তু এই জঘন্যতম অপৰাধীজনৰ বিৰুদ্ধে আমি মনে মনে থকা উচিত নে?
মুখ্যমন্ত্ৰী ডাঙৰীয়া, নিৰ্বাচনত জিকোঁ বা হাৰোঁ, এই জঘন্যতম গুপ্তহত্যাকাৰীৰ বিৰুদ্ধে মাত মাতিবলৈ আমাৰ সাহসৰ অভাৱ হোৱা নাই। সাহসৰ অভাৱ হোৱা নাই আপোনাৰ দৰে অপৰাধীৰ দ্বাৰা গণতন্ত্ৰৰ হত্যাযজ্ঞ পাতিব খোজা লুভীয়া শাসকৰ বিৰুদ্ধে থিয় হ’বলৈ। হ’ব পাৰে, তাৰ বাবে মইও গুপ্তহত্যাৰ বলি হ’ব পাৰোঁ!
মুখ্যমন্ত্ৰী ডাঙৰীয়া, সেই সময়ৰ এখন এখন বাতৰিকাকতৰ পৃষ্ঠা লুটিয়াই, এটা এটাকৈ সেই ঘটনাৰ বিৱৰণী পঢ়ি আৰু সেই ঘটনাবোৰৰ প্ৰত্যক্ষদৰ্শীৰ সাক্ষাৎ লৈ আপোনাক আৰু আপোনাৰ দল বিজেপিৰ কাৰণে জয়ন্ত হাজৰিকা ওৰফে কুশল দুৱৰীয়ে কেৱল শিৱসাগৰত হত্যা কৰা মানুহৰ এখন অসম্পূৰ্ণ তালিকা তলত প্ৰকাশ কৰিলোঁ। আশা কৰোঁ—- আপুনি এবাৰ পঢ়ি চাব, ভাবি চাব আৰু বিবেকক সুধি চাব যে অসমৰ ইতিহাসৰ এই জঘন্যতম অপৰাধীক ৰাষ্ট্ৰীয় দল বিজেপিৰ পৰা ২০২৬ৰ অসম বিধানসভা নিৰ্বাচনত শিৱসাগৰ সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰি আপোনালোকে সামগ্ৰিকভাৱে দেশৰ গণতান্ত্ৰিক ব্যৱস্থাক কি পৰ্যায়লৈ অধঃপতিত কৰিলে।
ধন্যবাদেৰে
অখিল গগৈ
প্ৰাৰ্থী, ৯৬ নং শিৱসাগৰ বিধানসভা সমষ্টি
সভাপতি, ৰাইজৰ দল
বিধায়ক, ১০৮ নং শিৱসাগৰ বিধানসভা সমষ্টি
’’
