HSত ৮০ শতাংশ নম্বৰসহ উত্তীৰ্ণ হ’ল যদিও ফলাফল চাবলৈ জীয়াই নাথাকিল দীক্ষিতা...

ডিজিটেল ডেস্কঃ মৰাণৰ দীক্ষিতা শইকীয়া সুন্দৰকৈ উত্তীৰ্ণ হ’ল যদিও ঘৰত নাই কাৰোৰে মুখত হাঁহি। কাৰণ উচ্চতৰ মাধ্যমিকত ভাল ফলাফল লাভ কৰিলেও সেয়া চাবলৈ জীয়াই নাথাকিল দীক্ষিতা শইকীয়া। মৰাণৰ ছাত্ৰীগৰাকীয়ে লাভ কৰিছে চাৰিটা বিষয়ত লেটাৰ নম্বৰসহ ৮০ শতাংশ নম্বৰ।

শনিবাৰে হঠাৎ পেটৰ বিষত চিকিৎসালয়ত ভৰ্তি হোৱা দীক্ষিতাৰ পৰৱৰ্তী সময়ত দেওবাৰে মৃত্যু হয়। আজি ফলাফল ঘোষণা হোৱাৰ পাছতে দীক্ষিতা শইকীয়াৰ মৰাণৰ ডোমৰ দলঙৰ ঘৰখনত বিৰাজ কৰিছে শোকাকুল পৰিৱেশ।

আজি তিলনীৰ দিনটোত আহিল দীক্ষিতাৰ ফলাফলৰ ভাল খবৰ। পৰীক্ষাৰ ফলাফল অহাত আৱেগিক হৈ পৰে সকলো। কেৱল দীক্ষিতাই নহয়, আন প্ৰান্তৰ পৰাও আজিৰ দিনটোত আহিল এনে বেয়া খবৰ। সকলোৱে দীক্ষিতাৰ আত্মাৰ চিৰশান্তি কামনা কৰা দেখিবলৈ পোৱা গৈছে। 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *