ডিজিটেল ডেস্কঃ পশ্চিম বংগৰ নিৰ্বাচন শেষ হোৱাৰ পাছতেই পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধি পাব বুলি সৰ্বসাধাৰণৰ মাজত অব্যাহত আছে জল্পনা-কল্পনা। এনে জল্পনা-কল্পনাৰ মাজতেই মঙলবাৰে পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধিৰ প্ৰসংগত ভাৰত চৰকাৰৰ পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰণালয়ে স্পষ্ট কৰিলে স্থিতি। মঙলবাৰে ভাৰত চৰকাৰে কয় যে ২৯ এপ্ৰিলত পশ্চিম বংগত ভোটগ্ৰহণ শেষ হোৱাৰ পাছত পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধিৰ কোনো পৰিকল্পনা নাই।
দেশৰ কিছু অংশত পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধিৰ দামবৃদ্ধিৰ উৰাবাতৰিৰ ফলত পেট্ৰ’ল পাম্পত সৃষ্টি হোৱা দীঘলীয়া শাৰী তথা panic buyingৰ বাতৰি প্ৰকাশ পোৱাৰ পাছতে এই স্পষ্টীকৰণ দিয়ে ভাৰত চৰকাৰে।
পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰণালয়ৰ যুটীয়া সচিব সুজাতা শৰ্মাই কয়, ‘‘আমি কিছুমান ঠাইত Panic Buying কৰা দেখিছোঁ। ৰাজ্য চৰকাৰৰ সৈতে আমি অবিৰত যোগাযোগত আছোঁ। সকলো খুচুৰা বিপণি নিৰীক্ষণ কৰা হৈছে আৰু যোগানক অগ্ৰাধিকাৰ দিয়া হৈছে, যাতে ষ্টকৰ উপলভ্যতা নিশ্চিত হয় আৰু কোনোধৰণৰ ড্ৰাই আউট নহয়।’’
ইপিনে ইন্ধনৰ দামবৃদ্ধিৰ সকলো জল্পনা-কল্পনা নাকচ কৰি সুজাতা শৰ্মাই স্পষ্টকৈ কয় যে, “পেট্ৰল-ডিজেলৰ দামবৃদ্ধিৰ কোনো প্ৰস্তাৱ নাই। PG, পেট্ৰ’ল আৰু ডিজেলৰ পৰ্যাপ্ত যোগান আমাৰ হাতত আছে। দাম সুস্থিৰ হৈ আছে আৰু দাম বৃদ্ধি হোৱা নাই। ”
লগতে জনসাধাৰণক উৰাবাতৰিৰ ওপৰত নিৰ্ভৰ নকৰিবলৈ আহ্বান জনায় সুজাতা শৰ্মাই।
