BJP-AGPয়ে নহয় কংগ্ৰেছটো চিপৰাং ! কংগ্ৰেছত কোনে কাক মাৰিলে চিপৰাং ?

ডিজিটেল ডেস্কঃ চিপৰাং! ৰাজ্যৰ ৰাজনীতিত এতিয়া সৰ্বত্ৰে চিপৰাঙৰ চর্চা চলিছে। বিশেষকৈ শাসকীয় BJPৰ লগতে AGPত চিপৰাঙৰ চর্চা চলি থকাৰ মাজতেই এইবাৰ কংগ্ৰেছটো আৰম্ভ হ'ল চিপৰাঙৰ চর্চা। কংগ্ৰেছত চিপৰাঙৰ চর্চা আৰম্ভ কৰিলে জ্যেষ্ঠ নেতা দেৱব্ৰত শইকীয়াই। 
নাজিৰাৰ কংগ্ৰেছৰ দলৰ প্ৰাৰ্থী তথা জ্যেষ্ঠ নেতা গৰাকীয়ে যোৱা নিশা সামাজিক মাধ্যমত দিলে এটা বিশেষ পোষ্ট। য'ত তেওঁ লিখিছে 'আমাৰ চিপৰাং কোনে কোনে চলালে?' 
জ্যেষ্ঠ নেতা গৰাকীৰ এই পোষ্টৰ পাছতেই এতিয়া আৰম্ভ হৈছে সৰৱ চর্চা। BJPৰ দৰে কংগ্ৰেছটো চলিছিল নেকি চিপৰাং? হঠাৎ কিয় দেৱব্ৰত শইকীয়াই দিলে এই পোষ্ট ? তাৰ উত্তৰলৈ অপেক্ষা সকলোৰে। 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *