ডিজিটেল ডেস্কঃ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পূৰ্বে নিজৰ শক্তি অধিক বৃদ্ধিৰ চেষ্টা বিজেপিৰ। এইবাৰ দলটোৱে সাংগঠনিক দিশত বিশেষ তৎপৰতা প্ৰদৰ্শন কৰিছে।
৪ মে'ত ঘোষণা হ'ব ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল। ফলাফল ঘোষণা হোৱাৰ পূৰ্বে বৃহস্পতিবাৰে বাজপেয়ী ভৱনত দীনদয়াল উপাধ্যায় প্ৰশিক্ষণ মহা-অভিযান।
উল্লেখ্য যে, এই প্ৰশিক্ষণ মহা-অভিযানত উত্তৰ পূৱৰ ৮ ৰাজ্যৰ বিষয়ববীয়া উপস্থিত থাকিব। উপস্থিত থাকিব ৰাষ্ট্রীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ, ৰাষ্ট্রীয় সাধাৰণ সম্পাদক তৰুণ চুঘ, ৰাষ্ট্ৰীয় যুটীয়া সাংগঠনিক সাধাৰণ সম্পাদক শিৱ প্ৰকাশকে ধৰি ১২ গৰাকী নেতা।
