ভোটগণনাৰ দিনা কেইটামান কাম ভুলতো নকৰিব!

ডিজিটেল ডেস্কঃ অপেক্ষাৰ অন্ত পৰিল। মাত্ৰ কেইটামান ক্ষণৰ পিছতে অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা হ’ব আৰু অসমে লাভ কৰিব ১২৬ গৰাকী নতুন বিধায়ক। এই ১২৬ গৰাকী বিধায়কৰ মাজৰ পৰাই কেইবাজনেও লাভ কৰিব মন্ত্ৰিত্ব। 
নতুন চৰকাৰ গঠন হোৱাৰ লগে লগে অসমত হয়তু কিছু পৰিবৰ্তনো পৰিস্ফূত হ’ব। কাইলৈ পুৱা ৮ বজাৰ পৰা আৰম্ভ হ’ব ভোটগণনা প্ৰক্ৰিয়া। প্ৰথমে পোষ্টেল বেলটৰে আৰম্ভ হ’ব ভোটগণনা পৰ্ব।
ইতিমধ্যে ১২৬ গৰাকী ভোটগণনা পৰ্যৱেক্ষক, ৫৯৮১ ভোটগণনা বিষয়া সাজু হৈছে। ভোটগণনাৰ বাবে সকলো প্ৰকাৰে সাজু হৈছে নিৰ্বাচন আয়োগ, জিলা প্ৰশাসন। ১২৬টা সমষ্টিত সাজু ২৩৪৭ গৰাকী মাইক্ৰ’ অবজাৰভাৰ।
৩৫ জিলাৰ মুখ্য কাৰ্যালয়ত সাজু মুঠ ৪০টা ভোটগণনা কেন্দ্ৰ। ইফালে নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনটোত অনুমতি অবিহনে শোভাযাত্ৰা, ফটকা ফুটুওৱাত নিষেধাজ্ঞা আৰোপ কৰিছে নিৰ্বাচন আয়োগে। 
লাউড স্পীকাৰ বজোৱাতো সাময়িকভাৱে নিষেধাজ্ঞা জাৰি কৰা হৈছে। একেদৰে ভোটগ্রহণ কেন্দ্ৰৰ ১০০ মিটাৰ ব্যাসার্ধৰ ভিতৰত বলৱৎ কৰা হৈছে ১৬৩ ধাৰা।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *