SIR কৰিবলৈ সাজু দেশৰ নিৰ্বাচন আয়োগ

ডিজিটেল ডেস্কঃ SIR কৰিবলৈ সাজু দেশৰ নিৰ্বাচন আয়োগ। ১৬ খন ৰাজ্যত তৃতীয় পৰ্যায়ত SIR কৰিব বুলি এক নিৰ্দেশনাযোগে সদৰী কৰিছে নিৰ্বাচন আয়োগে। উল্লেখ্য যে, এই ১৬খন ৰাজ্যৰ লগতে কেন্দ্ৰীয় শাসিত তিনিটা অঞ্চলটো হ’ব SIR।
SIR হ’বলগীয়া ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল হৈছে ওড়িশা, মিজোৰাম, ছিকিম, মণিপুৰ, অৰুণাচল প্ৰদেশ, অন্ধ্ৰপ্ৰদেশ, চণ্ডিগড়, হাৰিয়ানা, ঝাৰখণ্ড, কৰ্ণাটক, মহাৰাষ্ট্ৰ, মেঘালয়, নাগালেণ্ড, দিল্লী, পঞ্জাৱ, ত্ৰিপুৰা, তেলেংগানা, উত্তৰাখণ্ড, দাদৰা আৰু নগৰহাভেলিত, ডমন আৰু ডিউ।
ইতিমধ্যে তৃতীয় পৰ্যায়ৰ বাবে নিয়োগ কৰা হৈছে ৩.৯৪ লাখ গৰাকী BLO। ৩৬.৭৩ কোটি ভোটাৰক সামৰি ল’ব এই SIR-এ। নিৰ্বাচন আয়োগে সদৰী কৰা অনুসৰি ইয়াৰ বাবে নিয়োগ কৰা হৈছে ৩.৪২ লাখ বুথ পৰ্যায়ৰ এজেণ্ট। প্ৰথম দুটা পৰ্যায়ৰৰ SIRত প্ৰায় ৫৯ কোটি ভোটাৰক সামৰি লোৱা হৈছিল।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *