মুকলি আকাশৰ তললৈ আহিব নেকি শ্যামকানু মহন্ত?

ডিজিটেল ডেস্কঃ বাৰে বাৰে উজুটি খোৱাৰ পিছতো যেন ক্ষান্ত হোৱা নাই শ্যামকানু মহন্ত। নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ পিছৰে পৰা জামিন বিচাৰি হাহাকাৰ কৰিছে শ্যামকানু মহন্তই। 
কেৱল সেয়াই নহয়, শ্যামকানুৰ পত্নীয়েও লাহে লাহে সংবাদমাধ্যমৰ আগত মুখ খুলিবলৈ আৰম্ভ কৰিছে। জুবিন গাৰ্গৰ সতীৰ্থ পাৰ্থ গোস্বামীৰ লগতে শ্যামকানুক বিভিন্ন সময়ত কটাক্ষ কৰা একাংশ লোকক শেহতীয়াকৈ সমালোচনা কৰে শ্যামকানুৰ পত্নীয়ে। একে সময়তে নিম্ন আদালতত মুখথেকেচা খোৱা শ্যামকানু মহন্তৰ অধিবক্তাই জামিন বিচাৰি আবেদন কৰিছে উচ্চ আদালতত। 
তাৰ পিছতে প্ৰথমে পাৰ্থিৱজ্যোতি শইকীয়াৰ আদালতত শুনানি আছিল যদিও ন্যায়াধীশগৰাকীয়ে সেই গোচৰৰ শুনানি গ্ৰহণ কৰাৰ পৰা বিৰত থাকে। শুকুৰবাৰে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ আদালতত সেই শুনানি সম্পন্ন হয়।
শুনানিত জামিন আবেদন দাখিলৰ পাছত শামকানু মহন্তৰ অধিবক্তাই ভিডিঅ’ কনফাৰেঞ্চযোগে তেওঁলোকৰ তৰফৰ পৰা অতিৰিক্ত শপতনামা দাখিল কৰিব বুলি  আবেদন কৰে। সেই আবেদন শুনি আদালতে অনুমতি প্ৰদান কৰে যদিও ১৮ মে’ৰ ভিতৰত অতিৰিক্ত শপতনামা দাখিলৰ বাবে সময়সীমা বান্ধি দিয়ে।
ইফালে এই জামিন আবেদনৰ বিৰোধিতা কৰি উচ্চ ন্যায়ালয়ত চৰকাৰী পক্ষৰ খোদ মহাধিবক্তা দেৱজিত শইকীয়াই যুক্তি প্ৰদৰ্শন কৰে। ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ আদালতে বিষয়টোৰ গভীৰতা বুজি চৰকাৰী পক্ষক কেচ ডায়েৰী দাখিলৰ নিৰ্দেশ প্ৰদান কৰিছে। 
যিহেতু গোচৰটো আদালতখনৰ বাবে নতুন গতিকে বিশাল আকাৰৰ কেচ ডায়েৰী পঢ়ি বুজি বিষয়টো আগুৱাই নিবৰ বাবে সময়ৰ প্ৰয়োজন হ’ব বাবে পৰবৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে।
এতিয়াও সকলো প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি অপেক্ষাত আছে। জুবিন গাৰ্গৰ হত্যাত অভিযুক্ত কোনো লোককে যাতে আদালতে জামিন নিদিয়ে সেই দাবী সকলোৱে উত্থাপন কৰিছে। 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *