ডিজিটেল ডেস্কঃ কামাখ্যা মন্দিৰত আজি পুৱাই উপস্থিত হয়হি জনপ্ৰিয় অভিনেতা চনু সুদ। অভিনেতাগৰাকীয়ে দেৱীৰ শ্ৰীচৰণত বিশেষ পূজা-অৰ্চনা আগবঢ়োৱা পৰিলক্ষিত হয়। শক্তিপীঠ কামাখ্যাত উপস্থিত হোৱা অভিনেতাগৰাকীক চাবলৈ বিভিন্ন লোকে হেতা ওপৰা কৰে।
আৰক্ষীৰ বিশেষ নিৰাপত্তা বেষ্টনীৰ মাজেৰে মন্দিৰ দৰ্শন কৰা অভিনেতাগৰাকীক দেখি সকলো উৎফুল্লিত হৈ পৰে। ইফালে কামাখ্যা মন্দিৰ কৰ্তৃপক্ষই বিশেষভাৱে আদৰণি জনাই অভিনেতাগৰাকীক। উল্লেখ্য যে, গুৱাহাটীত আজি অভিনেতাগৰাকীয়ে এটা শ্ব’ ৰুম মুকলি কৰিব।
শ্ব’ ৰুম মুকলি কৰাৰ পূৰ্বে কামাখ্যাত সেৱা জনালে অভিনেতাগৰাকীয়ে। বিভিন্ন সময়ত নিজৰ ব্যতিক্ৰমী কামৰ বাবে অভিনেতাগৰাকী চৰ্চাত থাকে। চনু সুদে বিপদৰ সময়ত আৰ্তজনক জনোৱা সহায়-সহযোগিতাৰ বাবে অসমতো এইগৰাকী অভিনেতাগৰাকীৰ অনুৰাগীৰ সংখ্যা যথেষ্ট বেছি হোৱা দেখা যায়।
